Breaking

চন্দ্ৰ, মংগল আৰু শুক্ৰ ভ্ৰমণ কৰাৰ ক্ষমতা আছে ভাৰতৰ…

0 104

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত দেশবাসী মাজত আনন্দৰ জোৱাৰ। চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ অভিযান অব্যাহত আছে। এই বৃহৎ সফলতা লাভ কৰাৰ পিছতেই এই বক্তব্য আগবঢ়াইছে ইছৰোৰ মুৰব্বী এছ সোমনাথে। চন্দ্ৰ, মংগল আৰু শুক্ৰ ভ্ৰমণ কৰাৰ ক্ষমতা আছে ভাৰতৰ কিন্তু তাৰ বাবে আামি আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব। ইয়াৰ লগতে মহাকাশ খণ্ডৰ বাবে আমাক আৰু কিছু বিনিয়োগৰ প্ৰয়োজন। কাৰণ মহাকাশ খণ্ডৰ উন্নয়ন দ্ৰুত হ’ব লাগে আৰু এই কথাটোও সমগ্ৰ দেশৰ উন্নয়নৰ লগত জড়িত। এয়াই আমাৰ মিছন।

ইছৰোৰ মুৰব্বীগৰাকীয়ে যুৱক-যুৱতীসকলক পঢ়া-শুনা কৰি জাতিৰ বাবে কাম কৰিবলৈও পৰামৰ্শ দিছে।

শেহতীয়াকৈ এক আছুতীয়া সাক্ষাৎকাৰত ইছৰোৰ কৃতিত্বৰ কথা উল্লেখ কৰি সোমনাথে কৈছিল যে বিগত ১০ বছৰত প্ৰায় ৩০০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। ইছৰোৰ দলে সূৰ্য মিছনৰ কাম কৰি থকা বুলিও তেওঁ কয়। পৰৱৰ্তী মাৰ্ছ মিছনৰ বাবেও কাম চলি আছে বুলিও কয়।

Leave A Reply