Breaking

ক’ভিড–১৯ টিকাকৰণৰ শীর্ষত ভাৰত

0 535

বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান চলি থকা ভাৰতে সোমবাৰে টিকাকৰণক লৈ অভিলেখ গঢ়িলে৷ আমেৰিকা যুক্তৰাষ্ট্রক অতিক্রমি ক’ভিড টিকাকৰণৰ শীর্ষস্থানত উপনীত হ’ল ভাৰত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সোমবাৰে পুৱালৈকে ৩২.৩৬ কোটিৰ অধিক ভেকচিন ড’জ প্রদান কৰা হৈছে৷ যোৱা ১৬ জানুৱাৰীৰ পৰা ক’ভিড–১৯ টিকাকৰণ আৰম্ভ হোৱাৰ পাছত এই অভিযান চলি আছে আৰু ভেকচিন প্রদান কৰা দেশৰ শীর্ষস্থান লাভ কৰিলে ভাৰতে৷ আজিলৈকে দেশখনত ৩২,৩৬,৬৩,২৯৭ ভেকচিন ড’জ প্রদান কৰা হৈছে৷

আমেৰিকা যুক্তৰাষ্ট্রই ২০২০ চনৰ ১৪ ডিচেম্বৰত ক’ভিড টিকাকৰণ আৰম্ভ কৰি এতিয়ালৈকে ৩২.৩৩ কোটি ভেকচিন ড’জ দিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ৮ ডিচেম্বৰত আৰম্ভ হোৱা গ্রেট ব্রিটেইনত ৭,৬৭,৭৪,৯৯০ ভেকচিন ড’জ, ২৭ ডিচেম্বৰত আৰম্ভ কৰা ইটালীত ৪,৯৬,৫০,৭২১, ২৭ ডিচেম্বৰত আৰম্ভ কৰা ফ্রান্সত ৫,২৪,৫৭,২২৮ ভেকচিন ড’জ প্রদান কৰি বিশ্বৰ দেশসমূহৰ তালিকাত সর্বাধিক ভেকচিন প্রদান কৰা দেশ হিচাপে স্বীকৃত হৈছে৷

ভাৰতত ৩২.৩৬ কোটিৰ অধিক ভেকচিন ড’জৰ ভিতৰত স্বাস্থ্যকর্মীক প্রথম ড’জ ১,০১,৯৮,২৫৭ আৰু দ্বিতীয় ড’জ ৭২,০৭,৬১৭, ক’ভিড অগ্রণী যোদ্ধাক প্রথম ড’জ ১,৭৪,৪২,৭৬৭ আৰু দ্বিতীয় ড’জ ৯৩,৯৯,৩১৯, ১৮–৪৪ বছৰৰ লোকক প্রথম ড’জ ৮,৪৬,৫১,৬৯৬ আৰু দ্বিতীয় ড’জ ১৯,০১,১৯০৷ এনেদৰে ৪৫–৫৯ বছৰৰ লোকক প্রথম ড’জ ৮,৭১,১১,৪৪৫ আৰু দ্বিতীয় ড’জ ১৪৮,১২,৩৪৯, ৬০ বছৰ ঊর্ধ্বৰ লোকক প্রথম ড’জ ৬,৭৫,২৯,৭১৩ আৰু দ্বিতীয় ড’জ ২,৩৪,০৮,৯৪৪৷ ইয়াকে লৈ মুঠ ভেকচিন ড’জ প্রদান কৰা হৈছে ৩২,৩৬,৬৩,২৯৭৷

ইপিনে, ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা লাহে লাহে নিম্নগামী হৈ আহি এদিনত ৫০ তললৈ নিম্নগামী হৈছে৷ বিগত ২১ দিন ধৰি এদিনত আক্রান্ত এক লাখৰ তলতে আছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৪৬,১৪৮জন৷ ইপিনে, যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৫৮,৫৭৮জন৷ বিগত ৪৬ দিন ধৰি একেৰাহে আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ তথ্য মতে সুস্থতাৰ হাৰ ৯৬.৮৪ শতাংশ৷ বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৬ লাখৰ তললৈ নিম্নগামী হৈছে৷ দেশজুৰি সক্রিয় ৰোগীৰ সংখ্যা ৫,৭২,৯৯৪জন৷ দৈনিক পজিটিভিটীৰ হাৰ ১.৮৯ শতাংশ৷ আনপিনে, যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৯৯৮জনৰ৷ ইয়াকে লৈ দেশত মৃতকৰ সংখ্যা ৩.৯৩ লক্ষাধিকলৈ বৃদ্ধি পাইছে৷

Leave A Reply