Breaking

পৃথিৱীৰ সকলো দেশৰ ভিতৰত প্ৰদূষণৰ কাৰণে মৃত্যু দেশ ভাৰত

0 178

এটা নতুন অধ্যয়নত কোৱা হৈছে যে সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে সমগ্ৰ পৃথিৱীত ২০১৯ চনত ৯০ লাখ লোকৰ অকাল মৃত্যু হয়৷ তাৰ ভিতৰত সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে ভাৰতত অকাল মৃত্যু হয় ২৩.৫ লাখৰো অধিক লোকৰ, পৃথিৱীৰ সকলো দেশৰ ভিতৰত বেছি৷ এই ২৩.৫ লক্ষাধিক লোকৰ ভিতৰত ১৬.৭ লাখৰ মৃত্যু হয় বায়ু প্ৰদূষণৰ কাৰণে৷


গাড়ী, ট্ৰাক আৰু উদ্যোগৰ পৰা নিৰ্গত প্ৰদূষকৰ কাৰণে ২০০০ চনৰ পৰা প্ৰদূষণত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশ বাঢ়িছে৷ কিন্তু খৰি, কয়লা বা আন তেনেকুৱা বস্তু ঘৰৰ ভিতৰত ব্যৱহাৰ কৰাৰ আওপুৰণি ব্যৱস্থাৰ বাবে আৰু মানুহ তথা জীৱ-জন্তুৰ বৰ্জিত বস্তুৰ কাৰণে পানীৰ প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কম৷


প্ৰদূষণৰ কাৰণে আটাইতকৈ বেছি মানুহৰ মৃত্যু হোৱা শীৰ্ষৰ দহখন দেশৰ ভিতৰত আমেৰিকাহে একমাত্ৰ সম্পূৰ্ণৰূপে ঔদ্যোগিক ৰাষ্ট্ৰ৷ দেশখনৰ স্থান সপ্তমত৷ প্ৰদূষণৰ কাৰণে ২০১৯ চনত আমেৰিকাত ১ লাখ ৪২ হাজাৰ ৮৮৩জন লোকৰ মৃত্যু হয়৷ ‘দ্য লেনচেট প্লেনেটেৰি হেল্‌থ’ৰ এটা নতুন অধ্যয়নত এই কথা কোৱা হৈছে৷
অধ্যয়নটো ক’ভিড মহামাৰীৰ আগৰ পৰিস্থিতিক লৈ চলোৱা হৈছিল৷ অধ্যয়নটোত কোৱা হৈছে যে প্ৰদূষণৰ কাৰণে মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত আছে ক্ৰমে ভাৰত আৰু চীন৷ প্ৰদূষণৰ কাৰণে ২০১৯ চনত ভাৰতৰ পাছতে চীনত প্ৰায় ২২ লাখ লোকৰ মৃত্যু হয়৷


অৱশ্যে এই দুয়োখন বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ৷ বায়ু প্ৰদূষণৰ কাৰণে হোৱা মৃত্যুৰ [৯.৮ লাখ] গৰিষ্ঠ অংশৰ কাৰণ প্ৰদূষণ সৃষ্টিকাৰী কণা [পি এম ২.৫]৷ আন ৬.১ লাখৰ মৃত্যু হয় ঘৰৰ ভিতৰত বায়ু প্ৰদূষণৰ কাৰণে৷ বায়ু প্ৰদূষণৰ কাৰণে বিশ্বত মৃত্যু হয় ৬.৬৭ মিলিয়ন লোকৰ৷

Leave A Reply