ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰত। হতাশ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে ক’লে এই কথা…

মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰক অতি হতাশ যেন লাগিছিল। মহিলা টি-২০ বিশ্বকাপ ২০২৩ৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা দলৰ মাজত অনুষ্ঠিত হয়। কেপ টাউনত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত অষ্ট্ৰেলিয়াৰ মহিলা দলে ভাৰতক ৫ ৰাণত পৰাস্ত কৰে। ছেমি ফাইনেলত পৰাজয়ৰ পিছত মহিলা টি-২০ বিশ্বত ভাৰতৰ যাত্ৰাৰ অন্ত পৰিল। মেচখনৰ পিছতে টিম ইণ্ডিয়াৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক অতি হতাশ যেন লাগিছিল। তেওঁ ক’লে, মেচখন আমাৰ হাতত আছিল। এনে পৰিস্থিতিত আমি হাৰিম বুলি আশা কৰা নাছিলোঁ। এই সময়ত ভাৰতীয় অধিনায়কগৰাকীয়ে জেমিমা ৰড্ৰিগেজৰ প্ৰশংসা কৰে।

এই পৰাজয়ত হতাশ হ’ল হৰমনপ্ৰীত

হৰমনপ্ৰীতে ক’লে ইয়াতকৈ বেছি দুৰ্ভাগ্যজনক অনুভৱ কৰিব নোৱাৰি। জেমিমাৰ জৰিয়তে আমি গতি লাভ কৰিলোঁ। আমি ইয়াৰ পৰা মেচখন পৰাস্ত হোৱাৰ আশা কৰা নাছিলোঁ। ৰান আউট হোৱাৰ ধৰণতকৈ বেছি দুৰ্ভাগ্যজনক হ’ব নোৱাৰে। আমাৰ বাবে চেষ্টা কৰাটো গুৰুত্বপূৰ্ণ আছিল আৰু আমি মেচখনৰ শেষ বলটোলৈকে গৈছিলো। আমি শেষ বলটোলৈকে যুঁজিব বিচাৰিছিলো। যেতিয়া অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি বেটিং কৰিবলৈ বাছি লৈছিল, তেতিয়া আমাৰ বাবে ভাল আছিল। আমি আৰম্ভণিতে ২টা দ্ৰুত উইকেট হেৰুৱালোঁ যদিও আমি জানিছিলোঁ যে আমাৰ বেটিং লাইন আপ শক্তিশালী।

বিশ্বকাপত টিম ইণ্ডিয়াৰ যাত্ৰা

আই চি চি মহিলা টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াৰ যাত্ৰা আছিল দৰ্শনীয়। গ্ৰুপ মেচত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰি ৪ খন মেচৰ ভিতৰত ৩ খনত জয়লাভ কৰে। এই সময়ছোৱাত ভাৰতে কেৱল ইংলেণ্ডৰ বিৰুদ্ধেহে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। টিম ইণ্ডিয়াই বিশ্বকাপৰ অভিযানত পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ মহিলা দলক পৰাস্ত কৰে। একে সময়তে গ্ৰুপ মেচত অষ্ট্ৰেলিয়া আৰু ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতে।

Related Articles