ভাৰতত স্থায়ীভাৱে বাস কৰাৰ মৌলিক অধিকাৰ কেৱল(India not a dharamshala) ভাৰত কোনো ধৰমশালা নহয়ভাৰতীয় নাগৰিকৰহে আছে৷ এটা গোচৰৰ শুনানিৰ সময়ত এই কথা উল্লেখ কৰে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্তই৷ ভাৰত কোনো ধৰমশালা নহয়৷ সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক ইয়াত আশ্ৰয় দিব নোৱাৰি৷ উচ্ছতম ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত মৌখিক পৰ্যবেক্ষণত এই কথা উল্লেখ কৰে৷ শ্ৰীলংকাৰ তামিল নাগৰিকক আটক কৰাৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল৷ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে গোচৰ খাৰিজ কৰাৰ সময়ত এই মত দিয়ে৷ ন্যায়াধীশ দত্তই কয় যে, ‘ভাৰত সমগ্ৰ বিশ্বৰ শৰণাৰ্থীৰ আশ্ৰয়স্থল হৈ পৰিছেনে? আমাৰ নিজা ৰ.চ্ছ্ৰ বিলিয়ন(Supreme Court) [জনসংখ্যা] আছে৷ এইখন ধৰমশালা নহয় যে আমি সমগ্ৰ বিশ্বৰ পৰা অহা বিদেশী নাগৰিকৰ বাবে ব্যৱস্থা কৰিম৷’ এই ক্ষেত্ৰত আবেদনকাৰী, শ্ৰীলংকাৰ তামিল নাগৰিকজন ইউএপিএৰ অধীনত অভিযোগৰ সন্মুখীন হৈছে৷ ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্ছ ন্যায়ালয়ে কৈছিল যে অভিযুক্তই সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰত এৰি যাব লাগিব৷
এই নিৰ্দেশক প্ৰত্যাহ৩ান জনাই উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছিল শ্ৰীলংকাৰ নাগৰিকগৰাকীয়ে৷ তেওঁৰ অধিবক্তাই দাবী কৰিছে যে অভিযুক্তই ভিছা লৈ এই দেশলৈ আহিছিল৷ লগতে নিজৰ দেশতে নিজৰ জীৱন বিপদত পৰা বুলিও কয়৷ অধিবক্তাগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে যে অভিযুক্ত গৰাকীক প্ৰায় তিনি বছৰ ধৰি ডিটেনচনত ৰখা হৈছে৷ তেতিয়া ন্যায়াধীশ দত্তই জানিব বিচাৰিছিল যে ভাৰতত থকাৰ সেই ব্যক্তিজনৰ কি অধিকাৰ আছে? বাদীজনৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্ট এজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী আৰু সন্তানো ভাৰতত থাকে৷ কিন্তু আদালতে সেই যুক্তি গ্ৰহণযোগ্য বুলি বিবেচনা নকৰিলে৷ ন্যায়াধীশ দত্তই স্পষ্ট কৰি দিয়ে যে সংবিধানৰ ১৯ নং অনুচ্ছেদ অনুসৰি ভাৰতত স্থায়ীভাৱে বাস কৰাৰ মৌলিক অধিকাৰ কেৱল এই দেশৰ নাগৰিকসকলৰহে আছে৷ লোকজনৰ জীৱনলৈ অহা বুললি কোৱা বিপদ সন্দৰ্ভতো আবেদন নাকচ কৰে আদালতে৷ নিজৰ দেশলৈ উভতি গ’লে ব্যক্তিজনৰ জীৱন বিপদত পৰিব বুলি শুনি ন্যায়াধীশ দত্তই কয় , ‘তেন্তে তেওঁ আন এখন দেশলৈ যাওক’৷