India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ; সমগ্ৰ দেশতে পৰ্যাপ্ত মাত্ৰাত মজুত আছে খাদ্য সামগ্ৰীঃ জনালে কেন্দ্ৰই

ভাৰত-পাক যুদ্ধৰ অচিলালৈ(India-Pak tensions) দুষ্ট চক্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে। এনে সময়তে কেন্দ্ৰই বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই। তেওঁ কয়, ‘মই সকলোকে আশ্বস্ত কৰিব বিচাৰো যে বৰ্তমান আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত সাধাৰণ প্ৰয়োজনীয়তাতকৈ বহুগুণ বেছি পৰিমাণে আছে—সেয়া চাউলেই হওক, ঘেঁহু হওক, বুটেই হওক বা ৰহৰ দাইল, মাছুৰ দাইল বা মুগ দাইলেই হওক।


খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হৈ থকা বিভ্ৰান্তিকৰ বাতৰিৰ বলি নহ’বলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে সজাগ কৰি দিয়ে। দিছে। সামাজিক মাধ্যমত তেওঁ কয় , ‘দেশত খাদ্যৰ মজুত সম্পৰ্কীয় অপপ্ৰচাৰৰ বাৰ্তাত বিশ্বাস নকৰিব। আমাৰ হাতত প্ৰচুৰ খাদ্য সামগ্ৰী মজুত আছে, যিটো প্ৰয়োজনীয়তকৈ বহু বেছি পৰিমাণে আছে। তেনে বাতৰিত গুৰুত্ব নিদিব। অত্যাৱশ্যকীয় সামগ্ৰী অবৈধভাবে মজুত কৰাসকলৰ বিৰুদ্ধে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত গোচৰ চলোৱা হ’ব।”


উল্লেখ্য বৰ্তমান দেশত চাউলৰ মজুত থাকিবলগীয়া ১৩৫ লাখ মেট্ৰিক টনৰ বিপৰীতে ৩৫৬.৪২ লাখ মেট্ৰিক টন মজুত আছে। একেদৰে ঘেঁহুৰ মজুত থাকিবলগীয়া ২৭৬ লাখ মেট্ৰিক টনৰ বিপৰীতে ৩৮৩.৩২ লাখ মেট্ৰিক টন মজুত আছে । এনেদৰে প্ৰয়োজনীয় মজুত নীতিৰ আধাৰত দেশজোৰা খাদ্য সুৰক্ষা নিশ্চিত কৰা ।

ইয়াৰ উপৰি ভাৰতত বৰ্তমান প্ৰায় ১৭ লাখ মেট্ৰিক টন খোৱাতেল মজুত আছে। ঘৰুৱাভাৱে শীৰ্ষ উৎপাদনৰ বতৰত সৰিয়হৰ তেলৰ উপলব্ধতা যথেষ্ট হয়, যিয়ে খোৱাতেলৰ যোগানক অধিক শক্তিশালী কৰি তুলিছে।

চলি থকা চেনিৰ বতৰ আৰম্ভ হৈছে ৭৯ লাখ মেট্ৰিক টন উৎপাদনৰ জড়িয়তে।পৰৱৰ্তী সময়ত চেনিৰ উৎপাদন ২৬২ লাখ মেট্ৰিক টন হব বুলি অনুমান কৰা হৈছে। ইথানল উৎপাদনৰ বাবে ৩৪ লাখ মেট্ৰিক টন বাদ দি এই অনুমাণ কৰা হৈছে।

বৰ্তমানলৈকে প্ৰায় ২৫৭ লাখ মেট্ৰিক টন চেনি ইতিমধ্যে উৎপাদন কৰা হৈছে। ঘৰুৱা ব্যৱহাৰ ২৮০ লাখ মেট্ৰিক টন আৰু ১০ লাখ মেট্ৰিক টন ৰপ্তানিৰ বাবে ধৰিলে মজুতৰ পৰিমাণ প্ৰায় ৫০ লাখ মেট্ৰিক টন হ’ব বুলি আশা কৰা হৈছে। এই পৰিমাণৰ চেনিৰে দুমাহ সুন্দৰকৈ চলিব পৰা যাব। লক্ষ্যণীয় কথাটো হল অনুকূল বতৰৰ বাবে ২০২৫–২৬ বৰ্ষত চেনিৰ উৎপাদন বহু পৰিমাণে আশাব্যঞ্জক হিচাবে ধৰা দিছে।

Related Articles