শনিবাৰে জম্মু-কাশ্মীৰৰ(INDIA-PAK WAR) বৃহৎ অঞ্চলত কাকৱৰৰ পৰা অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষণ। জম্মুৰ শম্ভু মন্দিৰত পাকিস্তানৰ গোলাবৰ্ষণ। ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত হৈছে চৰকাৰী জ্যেষ্ঠ বিষয়াসহ তিনিজন লোক। পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিছে। ভাৰতীয় ক্ষেপণাস্ত্ৰই পাকিস্তানৰ তিনিটা বিমান ঘাটিত আঘাত কৰে। ইয়াৰ ভিতৰত ৰাৱালপিণ্ডিত নূৰ খান, সিন্ধ প্ৰদেশৰ চুক্কুৰ, চকৱালৰ মুৰিদ এয়াৰবেছ আদি।
পাকিস্তানে ভাৰতৰ পশ্চিম সীমান্তত সামৰিক নিয়োগ বৃদ্ধি কৰিছে। শনিবাৰে ভাৰতীয় সেনাই এই কথা প্ৰকাশ কৰে। সংবাদমেলত কয় যে পাকিস্তান সেনাই নিজৰ জোৱানক আগুৱাই লৈ যোৱা দেখা গৈছে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আগ্ৰাসী উদ্দেশ্য প্ৰকাশ পাইছে।
কৰ্ণেল ছফিয়াই কয় যে ভাৰতে পাকিস্তানৰ ৰফিকী, মুৰিদ, চাকলালা আৰু ৰহিম ইয়াৰ খানত থকা পাকিস্তান সেনাৰ বিমান ঘাটিত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ উপৰিও চুক্কুৰ আৰু চুনিয়াত থকা পাকিস্তানৰ সামৰিক ঘাটি, পাছৰুৰ আৰু ছিয়ালকোটত থকা বিমান ঘাটিতো আক্ৰমণ কৰা হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সেনাৰ যৌথ বিবৃতিত কোৱা হৈছে যে, ভাৰতৰ পশ্চিম সীমান্তত পাকিস্তানৰ আক্ৰমণ অব্যাহত আছে। ভাৰতীয় সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছে। ড্ৰোন আৰু অন্যান্য উপায়েৰে গোলাবৰ্ষণ চলি আছে। ভাৰতে অধিকাংশ আক্ৰমণ নিষ্ক্ৰিয় কৰিছে। আদমপুৰ, উধামপুৰ, ভাটিন্দা আদি একাংশ ঠাইত ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে। পাকিস্তানী সৈন্যই শ্ৰীনগৰ, আৱন্তীপোৰা, উধামপুৰৰ চিকিৎসা সুবিধা আৰু বিদ্যালয়সমূহক লক্ষ্য কৰি লৈছে।
পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত সামৰিক নিয়োগ বৃদ্ধি কৰিছে। ভাৰতীয় সেনা আৰু চৰকাৰে যৌথ সংবাদমেলত এই কথা ঘোষণা কৰে।