India-Pakisan War: ‘শূন্য সহনশীলতা’: ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

পাকিস্তানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ প্ৰতিশোধ হিচাবে ভাৰতে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ ব্ৰিটিছ বিদেশ মন্ত্ৰী ডেভিদ লেমীৰ সৈতে আলোচনা কৰে। আলোচনাত জয়শংকৰে স্পষ্টভাৱে প্ৰকাশ কৰে যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীলতা’ নীতি বজাই ৰাখিছে।(India-Pakisan War)


শুকুৰবাৰে জয়শংকৰে ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদ প্ৰতিহতক কৰাৰ ক্ষেত্ৰত ভাৰতে দৃঢ় স্থিতি গ্ৰহণ কৰিছে। এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত জয়শংকৰে কয়, “আজি বিয়লি ব্ৰিটেইনৰ বৈদেশিক সচিবৰ সৈতে ফোন কল কৰিছিলোঁ। আমাৰ আলোচনা সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ওপৰত কেন্দ্ৰিত আছিল, যাৰ বাবে শূন্য সহনশীলতা থাকিব লাগিব।”যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে কেইবাজনো লোক আহত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে দুয়োগৰাকী নেতাৰ মাজত এই আলোচনা হয়।

উল্লেখ্য বুধবাৰে পুৱা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমন্বিত প্ৰচেষ্টাৰে পাকিস্তানৰ জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা ঘাটিৰ সমূহত আক্ৰমণ চলায় হৈছে। পাকিস্তানৰ ড্ৰ’ন আক্ৰমণক “কাৰ্যকৰীভাৱে নিষ্ক্ৰিয়” কৰা হৈছে । যুদ্ধবিৰতি উলংঘাৰ উপযুক্ত সঁহাৰি দিয়া হৈছে। এডিজি পিআইয়ে লগতে উল্লেখ কৰে যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সফল প্ৰতিশোধ বুধবাৰে পুৱতি নিশা আৰম্ভ হোৱা অপাৰেচন সিন্দুৰৰ অধীনত সশস্ত্ৰ বাহিনীয়ে কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ নিষ্ক্ৰিয় কৰে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় সেনাই এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত (আই বি)ৰ কাষত বৃহৎ পৰিসৰৰ কাউণ্টাৰ ড্ৰ’ন অভিযানৰ সময়ত ৫০খনতকৈও অধিক পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰিছিল ।

Related Articles