India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা,(India-Pakistan ceasefire)পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা আদি বিষয়সমূহৰ মাজতে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনালে৷ কংগ্ৰেছে সংসদৰ বিশেষ অধিৱেশন আহ৩ান কৰি পেহেলগাম কাণ্ড, অপাৰেচন সিন্দূৰ আৰু ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি, সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ চুক্তিৰ বিষয়ে বিতংভাৱে আলোচনাৰ দাবী উত্থাপন কৰে৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে চৰকাৰৰ প্ৰতি এই বিষয়ত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে- নতুন দিল্লীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তৃতীয় পক্ষৰ হস্তক্ষেপৰ দুৱাৰ মুকলি কৰিছে নেকি, পাকিস্তানৰ সৈতে কূটনৈতিক আলোচনাৰ পথ মুকলি হৈছে নেকি? আদি৷

তেওঁ কয়, ‘ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক আৰু পেহেলগাম কাণ্ড, অপাৰেচন সিন্দূৰ আৰু ভাৰত আৰু পাকিস্তান চৰকাৰে যুদ্ধবিৰতি ঘোষণা আদি বিষয়ত বিশেষ অধিৱেশনৰ দাবী জনাইছে৷’ ৰমেশে লগতে কয় যে কংগ্ৰেছে অনুভৱ কৰে যে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ভাৰত আৰু পাকিস্তানৰ মাজত ‘নিৰপেক্ষ স্থান’ৰ বিষয়ে কৰা উল্লেখে বহু প্ৰশ্নৰ উত্থাপন কৰিছে৷ ‘আমি ছিমলা চুক্তি পৰিত্যাগ কৰিছোনে? তৃতীয় পক্ষৰ মধ্যস্থতাৰ দুৱাৰ মুকলি কৰিছো নেকি?’

Related Articles