সিন্ধু জল চুক্তিক লৈ পুনৰ ভাৰতক ভাবুকি পাকিস্তানৰ৷ (India Pakistan News) শেহতীয়াকৈ পাকিস্তান সেনাৰ মুখপাত্ৰ লেফ্টেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে এটা কাৰ্যসূচীত ভাষণ দি ভাৰতক কয় যে, ‘আপোনালোকে যদি আমাৰ পানী বন্ধ কৰি দিয়ে তেন্তে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম৷’ প্ৰসংগক্ৰমে শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছয়ীদে একে সুৰতে ভাৰতক সকীয়াই দিয়া শুনা গৈছিল৷ নতুন দিল্লীয়ে পাকিস্তানী সেনাপ্ৰধানগৰাকীৰ এই হিংসাত্মক মন্তব্যক প্ৰৰোচনা হিচাপে লৈছে৷ অৱশ্যে এই বিষয়ত ভাৰতে এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই৷ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজে বাৰে বাৰে ভাৰত আৰু আমেৰিকাৰ বিৰুদ্ধে উত্তেজক মন্তব্য আগবঢ়াইছে৷(Will Stop India’s Breath)
ভাৰতৰ বহুতেই বিশ্বাস কৰে যে তেওঁৰ মন্তব্য আৰু পাকিস্তানৰ এজন শীৰ্ষ সামৰিক বিষয়াৰ মন্তব্যৰ সঠিক মিলে সেই দেশত উগ্ৰপন্থী-সামৰিক গোপন বুজাবুজিৰ অনস্বীকাৰ্য প্ৰমাণ৷ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত চ্ছজন লোক নিহত হৈছিল৷ এই ঘটনাত পাকিস্তানৰ পৃষ্ঠপোষকতাত উগ্ৰপন্থী জড়িত থকাৰ ইংগিত পোৱাৰ পিছত নতুন দিল্লীয়ে ইছলামবাদৰ সৈতে সিন্ধু জল ভাগ-বতৰা চুক্তি স্থগিত ৰাখিছিল৷ এই চুক্তিখন দুয়োখন দেশৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত হৈছিল যাতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পানী দুয়োখন দেশৰ মাজত কেনেদৰে বিতৰণ কৰা হ’ব সেইটো চূড়ান্ত কৰা হয়৷ এই চুক্তিত বিশ্ব বেংকে মধ্যস্থতাৰ ভূমিকা পালন কৰিছিল৷ চুক্তি অনুসৰি দুয়োখন দেশে পানী ধৰি ৰখা আৰু এৰি দিয়াৰ পৰিসংখ্যা ইজনে সিজনৰ লগত ভাগ-বতৰা কৰাৰ কথা৷ কিন্তু পেহেলগাম কাণ্ডৰ পিছত ভাৰতে স্পষ্ট কৰি দিছে যে একে সময়তে তেজ আৰু পানী বৈ যাব নোৱাৰে৷ ভাৰতৰ এই কূটনৈতিক কৌশলৰ বাবে ইছলামবাদ কিছু অসুবিধাৰ সন্মুখীন হৈছে৷
দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি থকাৰ পিছতো ভাৰতে এই চুক্তি পুনৰ কাৰ্যকৰী কৰাৰ কথা এতিয়াও ঘোষণা কৰা নাই৷ সিন্ধু জল সন্ধি সন্দৰ্ভত পাকিস্তানে দিয়া ভাবুকি নতুন নহয়৷ এপ্ৰিল মাহৰ শেষৰ ফালে নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে পাকিস্তানৰ শাসকীয় মিত্ৰজোঁটৰ মিত্ৰ পাকিস্তান পিপ’লছ পাৰ্টীৰ নেতা বিলোৱাল ভূট্টো জৰ্দাৰীয়ে কয় যে সিন্ধ আমাৰ৷ ‘হয়তো আমি প্ৰাপ্য পানী সিন্ধু নদীৰ মাজেৰে আহিব, নহয় তেওঁলোকৰ [ভাৰতীয়] তেজ সিন্ধু নদীৰ মাজেৰে বৈ যাব৷’ এইবাৰ পাকিস্তান সেনাৰ মুখপাত্ৰই প্ৰায় একে ধৰণৰ সতৰ্কবাণী দিয়াৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷