India-Pakistan Tension: ভাৰতৰ যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে, পাকিস্তানৰ বিৰুদ্ধে নহয়

ভাৰতৰ যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে,(India-Pakistan Tension)পাকিস্তানৰ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে নহয়৷ এই মন্তব্য এয়াৰ মাশ্বেৰ্ল এ কে ভাৰতীৰ৷ ‘অপাৰেচন সেন্দূৰ’ সন্দৰ্ভত ২৪ ঘণ্টাৰ ভিতৰত সম্বোধন কৰা দ্বিতীয়খন যুটীয়া সংবাদ মেলত এয়াৰ মাশ্বেৰ্ল এ কে ভাৰতীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে৷

কিন্তু পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে ৷ সেয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিছে৷ ভাৰতীয়ে কয়, ‘আমি এই কথাৰ পুনৰাবৃত্তি কৰিছোঁ যে আমাৰ যুদ্ধ সন্ত্ৰাসবাদ আৰু আৰু ইয়াৰ সমৰ্থনকাৰী আন্তঃগাঁথনিৰ বিৰুদ্ধেহে, পাকিস্তানী সেনাৰ বিৰুদ্ধে নহয়৷ কিন্তু পাকিস্তানে সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াৰ বিকল্প নিৰ্বাচন কৰিছে৷ সেই বাবেই আমি ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছোঁ৷ যিহেতু আমাৰ যুদ্ধ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে, সেয়ে জ্জ মে’ত আমি কেৱল সন্ত্ৰাসবাদী শিবিৰসমূহক লক্ষ্য কৰি লওঁ ৷’

তেওঁ লগতে ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে পাকিস্তানক দোষাৰোপ কৰে৷ ভাৰতীয়ে কয়, ‘আমাৰ কাৰ্যব্যৱস্থা আৱশ্যকীয় আছিল৷ পাকিস্তানৰ যি ক্ষতি হৈছে, সেইবোৰ তেওঁলোকৰ কাৰণে হৈছে ৷ আমাৰ ফালৰ পৰা তেওঁলোকক আক্ৰমণৰ বহু কম প্ৰভাৱ পৰিছে ৷ আমাৰ ওচৰত সমন্বিত বহুস্তৰীয় বায়ু সুৰক্ষা ব্যৱস্থা আছিল, যিয়ে আকাশমাৰ্গক ৰক্ষা কৰিছিল৷ আমাৰ বায়ুসেনাই সেনা আৰু অসামৰিক আন্তঃগাঁথনিক সুৰক্ষা প্ৰদান কৰিছে৷ পাকিস্তানে ব্যৱহাৰ কৰা কেইবাটাও ড্ৰোণ আৰু মানৱবিহীন যান আমাৰ দেশীয় ব্যৱস্থাই ধবংস কৰিছে৷

’তেওঁ কয়, ‘ভাৰত ভৱিষ্যতে যিকোনো অভিযানক সফল কৰিবলৈ সাজু থাকিব৷’ ভাৰতীয়ে আধুনিক সামৰিক অস্ত্ৰ ক্ৰয়ত চৰকাৰৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায় ৷ তেওঁ কয় যে দেশীয় বায়ু সুৰক্ষা ব্যৱস্থাৰ প্ৰদৰ্শন অতি উৎকৃষ্ট আছিল আৰু পুৰণি ব্যৱস্থাসমূহো সময়ৰ পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হয় ৷ ‘আমাৰ দেশীয় আকাশী ব্যৱস্থাই উৎকৃষ্টি কাৰ্য দক্ষতা প্ৰদৰ্শন কৰিছে ৷’ ইয়াৰ উপৰি ভাৰতীয়ে ধবংসপ্ৰাপ্ত নূৰ খান বায়ুসেনা ঘাটি, মিছাইল আৰু ড্ৰোণৰ বহু ফটো আৰু ভিডিঅ’ও মুকলি কৰি পুনৰ কয় যে ভাৰতীয় বায়ু সুৰক্ষা ব্যৱস্থাৰ সামান্য লোকচান হৈছে৷

Related Articles