৬মে’ ২০২৫ঃ India-Pakistan war । পশ্চিম নলবাৰী অঞ্চলৰ বিহামপুৰস্থিত প্ৰেৰণা পুথিভঁৰালৰ নিয়মীয়া কাৰ্যসূচী দেওবৰীয়া চ’ৰাৰ ৩৩৩ সংখ্যক বৈঠক যোৱা ৪ মে’ (দেওবাৰে)তাৰিখে অনুষ্ঠিত হৈ যায় । কাৰ্যসূচী অনুসৰি সিদিনা গ্ৰন্থৰ আদান-প্ৰদানৰ পাছতে ‘ফিব’নাচ্চি সংখ্যা’ সম্পৰ্কে গণিতৰ পাঠদান কৰাৰ লগতে সাধাৰণ জ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । সহযোগ কৰে সুশীল মালাকৰ, বীৰেন বৰ্মন, অংগৰাজ বৰ্মন, হিতেন শৰ্মা আদিয়ে । প্ৰতিযোগিতাৰ উচ্চশাখাত প্ৰথম স্থান অধিকাৰ কৰে মৃগাংশু মেধি আৰু অভিনৱ নাৰায়ণ শৰ্মাৰ দলে । মধ্যশাখাত প্ৰথম হয় নেইনা শৰ্মা আৰু তৃষাংগী তালুকদাৰৰ দল । আনহাতে নিম্নশাখাত শীৰ্ষস্থান দখল কৰে হিয়া কাকতি আৰু তিনাশ্ৰী দাসৰ দলে ।

ইয়াৰ পাছতে ‘ভাৰত-পাকিস্তান সংঘাত’ সম্পৰ্কে বক্তব্য প্ৰদান কৰি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই কয় যে এই সংঘাতৰ বীজ ৰোপিত হৈছিল এই উপমহাদেশত মুছলিম লীগৰ জন্ম আৰু উত্থানৰ জৰিয়তে । ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ সমান্তৰালভাৱে জন্মলাভ কৰা পাকিস্তানে কাশ্মীৰৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ভাৰত আক্ৰমণ কৰে আৰু কাশ্মীৰৰ এটা বৃহৎ অংশ দখল কৰি লয় । পুনৰ ১৯৬৫ চনত আৰু বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত ১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হয় । ১৯৯৯ চনত হয় কাৰ্গিল যুদ্ধ । ইয়াৰোপৰি প্ৰায় প্ৰতিবছৰেই সীমান্তত উত্তেজনা আৰু সংঘাত অব্যাহত আছে । কেতিয়াবা এই সংঘাতেও যুদ্ধৰ ৰূপ ল’ব খোজে । ভাৰতৰ বাবে অন্যতম ডাঙৰ সমস্যা হ’ল সীমান্তৰ সিপাৰৰ পাকিস্তানৰ মাটিত চলি থকা ভাৰতবিৰোধী সন্ত্ৰাসবাদীসকল । এইসকলক লালন-পালন কৰে আৰু প্ৰশিক্ষণ দিয়ে পাকিস্তানে । পাকিস্তান চৰকাৰ, পাকিস্তানী সেনা আৰু পাকিস্তানী গুপ্তচৰ সংস্থা আই এছ আইৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি থকা এই কাৰ্যকলাপৰে শেহতীয়া ৰূপ হ’ল কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ওপৰত নাৰকীয় আক্ৰমণ । আন এগৰাকী বক্তা, ছেবাৰ অৱসৰী বিষয়া, শিক্ষাবিদ হৰিনাৰায়ণ দাসে কয় যে হিন্দু-মুছলমান বুলি কথা নাই, সকলো ধৰণৰ সন্ত্ৰাসবাদক আমি গৰিহণা দিব লাগে আৰু ভাৰত চৰকাৰে সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিব লাগে ।

আনহাতে ‘অনুশীলন’ শীৰ্ষক কিতাপৰ আলোচনাত প্ৰসিদ্ধ লেখিকা জুৰি বৰা বৰগোহাঞিৰ ‘ভোক’ নামৰ উপন্যাসখনৰ বিষয়ে কয় দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । অনুষ্ঠানত অনলাইন যোগে অংশগ্ৰহণ কৰি লেখিকা বৰগোহাঞিয়ে কয় যে মূলতঃ সমাজৰ নিম্নবৰ্গৰ মহিলাই জীৱন-যাতনাৰ বাবে দেহৰ ব্যৱসায় কৰিবলগীয়া হয় । আমি আলোচনা কৰিব নিবিচৰা এই ব্যৱসায় কিন্তু পৃথিৱীৰ প্ৰাচীনতম ব্যৱসায় । তেওঁলোকো আমাৰ সমাজৰে অংগ । ‘ভোক’ উপন্যাসখনত এচাম ক্ষুধাতুৰ নাৰীয়ে নিজৰ ক্ষুধা নিবাৰণৰ কাৰণে কেনে পৰ্যায়লৈ যাব পাৰে, সেই পটভূমিত লিখা হৈছে । এইখন অশ্লীল উপন্যাস নহয় । ই সমাজ-বাস্তৱৰ এক প্ৰতিফলন । প্ৰসংগক্ৰমে লেখিকাগৰাকীয়ে ক্ষেত্ৰ-অধ্যয়ন কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু উপন্যাসখন পঢ়ি বিভিন্নজনে প্ৰকাশ কৰা মনোভাৱো ব্যক্ত কৰে ।
আনহাতে সিদিনা ড০ হীৰেন গোহাঁই, প্ৰতিভাৰ পৰিক্ৰমা, সমসাময়িক মূল্যায়ন নামৰ গ্ৰন্থখন দান কৰে গ্ৰন্থখনৰ সম্পাদক উমেশ গোস্বামীয়ে । লগতে দুলীয়াজানৰ দিলীপ কুমাৰ বৰাই আগবঢ়োৱা ধনেৰে দহগৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক দুইদিস্তাকৈ বহীৰ পাত প্ৰদান কৰা হয় । একেটা অনুষ্ঠানতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী গজেন কলিতাই আগবঢ়োৱা ধন আৰু প্ৰেৰণা পুথিভঁৰালে পতা বিহুৰ ৰাহি ধনেৰে ক্ৰয় কৰা ৩৫ খন চকী প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে পুথিভঁৰালৰ পৰিচালক মামণি দেৱী, লতিকা দেৱী, অমলেশ ডেকা, অভিনৱ নাৰায়ণ শৰ্মা, নিবন্ধকাৰ মনোৰঞ্জন দাস আদি ।
প্ৰেৰক, দিগন্তবৰ্মন।