নতুন দিল্লী/ইছলামাবাদ, ৯ মে’: India Pakistan War । ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ উত্তেজনাৰ মাজত নিশাৰ ভিতৰত পাকিস্তানৰ ছটা চহৰত ভয়ংকৰ বিস্ফোৰণ আৰু আক্ৰমণ সংঘটিত হোৱাৰ খবৰ। লাহোৰ, ইছলামাবাদ, কৰাচী, চিয়ালকোট, বাহাৱালপুৰ আৰু পেছাৱৰত সংঘটিত এই আক্ৰমণসমূহক ভাৰতৰ প্ৰতিশোধমূলক প্ৰত্যুত্তৰ হিচাপে ধৰা হৈছে।
প্ৰতিক্ৰিয়া আৰু ৰাজনৈতিক অস্থিৰতা
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ অস্পষ্ট আৰু বিভ্ৰান্তিকৰ বক্তব্যে বিৰোধিতাৰ সোঁত উৰুৱাইছে। তেওঁ এক ড্ৰোন আক্ৰমণৰ সন্দৰ্ভত কৈছে, “এইটো কাৰিকৰী কথা, মই বুজাব নোৱাৰো”—যি বক্তব্যে প্ৰশ্নৰ সৃষ্টিৰে দেশবাসীক চিন্তিত কৰিছে।
ইফালে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই উল্লেখ কৰে যে, পুঞ্চ জিলাত সৰ্বাধিক ক্ষতি আৰু হতাহতিৰ ঘটনা ঘটিছে। তেওঁ পাকিস্তানৰ ড্ৰোন ব্যৱহাৰৰ নিন্দা কৰি কয়—”তেওঁলোকে সাধাৰণ নাগৰিকক লক্ষ্য কৰিছিল, ভাগ্য ভাল যে আমাৰ সেনাই সকলো ড্ৰোন ধ্বংস কৰি পেলালে।”
অসমতো প্ৰভাৱ — বাতিল হ’ল চৰকাৰী আৰু সাংস্কৃতিক অনুষ্ঠান
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ ৪ বছৰ পূৰাৰ অনুষ্ঠান বাতিল কৰাৰ লগতে ১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ বিহু আয়োজকসকলক আহ্বান জনাইছে। তেওঁ স্পষ্টকৈ কয়, “বৰ্তমান সময় উদযাপনৰ নহয়, একতাৰ।”
সেনাৰ সজাগতা আৰু অভ্যন্তৰীণ ব্যৱস্থা
পাঠানকোটত উদ্ধাৰ হৈছে এখন সন্দেহজনক ড্ৰোন। সেনাই জিম্মাত লৈ সমগ্ৰ অঞ্চলত তল্লাশি অভিযান চলাইছে। দিল্লীত ৩ বজাত চাইৰেনৰ পৰীক্ষামূলক অনুশীলন অনুষ্ঠিত কৰা হৈছে, অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ তত্বাৱধানত।
স্বাস্থ্য আৰু অৰ্থনীতি ক্ষেত্ৰতো সতর্কতা
স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই দেশজুৰি সকলো চিকিৎসা কেন্দ্ৰৰ পৰ্যালোচনা কৰাৰ লগতে স্বাস্থ্যসেৱা কৰ্মচাৰীৰ ছুটী বাতিলৰ নিৰ্দেশ প্ৰদান কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত চাইবাৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হৈছে।
ক্ৰীড়াজগততো অস্থিৰতা
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ প্ৰভাৱত IPL 2025 পিছুৱাৰ সম্ভাৱনা। বিসিসিআই শীঘ্ৰে সিদ্ধান্ত ল’ব। ক্ৰীড়া বিশ্লেষকৰ মতে, এই পৰিস্থিতিয়ে বিশ্ব ক্ৰিকেটত বিৰূপ প্ৰভাৱ পেলাব পাৰে।
সীমান্তত চলিছে সেনাৰ অভিযান
৮-৯ মে’ৰ নিশা জম্মুৰ চাম্বা ছেক্টৰত সন্ত্ৰাসবাদীৰ বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা নস্যাৎ কৰিছে BSF-এ। ৭ জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে। এই অনুপ্ৰৱেশক পাক ৰেঞ্জাৰৰ সহায় প্ৰদানৰ অভিযোগ উঠিছে।
এই সমগ্ৰ পৰিস্থিতিয়ে দেখুৱাইছে যে, উপমহাদেশত যিকোনো সময়ত নাটকীয় পৰিৱর্তন সম্ভৱ, আৰু যুদ্ধ-শান্তিৰ মাজত সূতোকণটো অতি জোখমপূৰ্ণভাৱে টান খাই আছে।

