Breaking

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত…

0 46

বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে মৰিগাঁও জিলা প্ৰশাসন উদ্যোগত শলমাৰী গাঁওপঞ্চায়ত কাৰ্যলয়ৰ প্ৰেক্ষাগৃহ অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী।

শলমাৰী গাঁওপঞ্চায়তৰ সভাপতি আমিনুল হ’কৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই কয়‌ যে জিলাখনৰ সকলো চৰকাৰী বিভাগৰ জৰিয়তে ৰূপায়ন কৰা সকলো আঁচনিৰ বিষয়ে বিতং ভাৱে জনোৱাৰ উদ্দেশ্যেৰ অনুষ্ঠিত হয় এই কাৰ্যসূচী।

সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ প্ৰধান সচিব জে ডি এক্কাই অংশগ্ৰহণ কৰি উপস্থিত ৰাইজ আৰু সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক উৎসাহিত কৰে।

Leave A Reply