India: অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে দ্বিতীয়

অস্ত্ৰ নিৰ্মাণৰ (India) ক্ষেত্ৰত ভাৰত পূৰ্বতকৈ বহুখিনি আগবাঢ়ি গৈছে যদিও এতিয়াও দেশখনে অস্ত্ৰৰ বাবে বিদেশৰ ওপৰতে নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছে৷ ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিচাৰ্ছ ইনষ্টিটিউটৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ইউক্ৰেইনৰ পিছতেই বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অস্ত্ৰ আমদানিকাৰী দেশ হিচাপে ভাৰত পৰিগণিত হৈছে৷ সোমবাৰে প্ৰকাশিত ‘ট্ৰেণ্ডছ ইন ইণ্টাৰনেচনেল আৰ্মছ ট্ৰেন্সফাৰ্ছ, ২০২৫’ শীৰ্ষক প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বিশ্বৰ মুঠ অস্ত্ৰ আমদানিৰ প্ৰায় জ্জ্ব.২ শতাংশ অংশ কেৱল ভাৰতে অধিকাৰ কৰিছে৷ ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিচাৰ্ছ ইনষ্টিটিউটৰ তথ্য অনুসৰি, ২০২১-২০২৫ চনৰ সময়ছোৱাত বিশ্বৰ সৰ্বাধিক অস্ত্ৰ আমদানি কৰা দেশসমূহৰ ভিতৰত ইউক্ৰেইনে ৯.৭ শতাংশ অংশীদাৰিত্বৰে শীৰ্ষস্থান দখল কৰিছে৷ ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰধান অস্ত্ৰ যোগানধাৰী দেশ হিচাপে ৰাছিয়া, ফ্ৰান্স আৰু ইজৰাইলে নিজৰ স্থান বৰ্তাই ৰাখিছে৷ ভাৰতৰ মুঠ অস্ত্ৰ আমদানিৰ ৪০ শতাংশ ৰাছিয়াৰ পৰা, ২৯ শতাংশ ফ্ৰান্সৰ পৰা আৰু ১৫ শতাংশ ইজৰাইলৰ পৰা আহিছে৷ অৱশ্যে যোৱা এক দশকত ভাৰতে প্ৰতিৰক্ষা ক্ৰয়ৰ উৎসসমূহৰ বৈচিত্ৰ্যকৰণৰ ফলত ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস পাইছে৷ ৰাছিয়াৰ অংশীদাৰিত্ব ২০১১-২০১৫ চনৰ ৭০ শতাংশৰ পৰা হ্ৰাস পাই ২০২১-২০২৫ চনত ৪০ শতাংশ হৈছেগৈ৷ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ২০১৬-২০২০ চনৰ তুলনাত শেহতীয়া পাঁচ বছৰত ভাৰতৰ অস্ত্ৰ আমদানি প্ৰায় চ্ছ্ৰ শতাংশ হ্ৰাস পাইছে৷ এই হ্ৰাসৰ এক অন্যতম কাৰণ হৈছে ভাৰতৰ নিজস্ব অস্ত্ৰ প্ৰণালীৰ নক্সা প্ৰস্তুত আৰু নিৰ্মাণ কৰাৰ ক্ৰমৱৰ্ধমান ক্ষমতা৷ ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিচাৰ্ছ ইনষ্টিটিউটে উল্লেখ কৰিছে যে যদিও ঘৰুৱা উৎপাদন কাৰ্যসূচীসমূহত প্ৰায়ে বিলম্ব ঘটে, তথাপি ভাৰতে ক্ৰমান্বয়ে স্বাৱলম্বিতাৰ দিশে অগ্ৰসৰ হৈছে৷ অৱশ্যে কেইবাখনো গুৰুত্বপূৰ্ণ সামৰিক প্লেটফৰ্মৰ বাবে ভাৰতে এতিয়াও বিদেশী যোগানধাৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে৷ বিশেষকৈ ফ্ৰান্সৰ পৰা ১৪০খন যুদ্ধ বিমান আৰু জাৰ্মানীৰ পৰা ৬খন ছাবমেৰিণ ক্ৰয়ৰ পৰিকল্পনাই ভাৰতৰ বিদেশী নিৰ্ভৰশীলতা অব্যাহত থকাৰ ইংগিত দিছে৷ ভাৰতৰ এই উচ্ছস্তৰীয় অস্ত্ৰ আমদানিৰ মূল কাৰণ হিচাপে চীন আৰু পাকিস্তানৰ সৈতে থকা নিৰাপত্তাজনিত প্ৰতিযোগিতাক চিহ্নিত কৰা হৈছে৷ প্ৰতিবেদনত কোৱা হৈছে যে দুয়োখন চুবুৰীয়া দেশৰ সৈতে থকা উত্তেজনাই সঘনাই সশস্ত্ৰ সংঘাতৰ সৃষ্টি কৰিছে৷ আনকি ২০২৫ চনৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত চমু সংঘৰ্ষৰ সময়তো দুয়োপক্ষই আমদানিকৃত প্ৰধান অস্ত্ৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিল৷ উল্লেখযোগ্য যে পাকিস্তান এতিয়া বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অস্ত্ৰ আমদানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ অস্ত্ৰ আমদানি যোৱা পাঁচ বছৰত ৬৬ শতাংশ বৃদ্ধি পাইছে৷ পাকিস্তানৰ এই সামৰিক শক্তি বৃদ্ধিত চীনে মুখ্য ভূমিকা পালন কৰিছে৷ ২০২১-২০২৫ চনৰ ভিতৰত পাকিস্তানে আমদানি কৰা মুঠ অস্ত্ৰৰ ৮০ শতাংশই চীনে যোগান ধৰিছে৷ ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিচাৰ্ছ ইনষ্টিটিউটৰ মতে, চীনে মুঠ ৪৭খন দেশলৈ অস্ত্ৰ ১৫ানি কৰিলেও ইয়াৰ সৰ্বমুঠ ১৫ানিৰ ৬১ শতাংশই কেৱল পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছে৷

Related Articles