ৰাছিয়াৰ সৈতে ২৪৮ মিলিয়ন ডলাৰৰ টেংক ইঞ্জিন চুক্তিত স্বাক্ষৰ কৰিলে ভাৰতে : প্ৰতিৰক্ষা মন্ত্ৰালয় ।INDIA

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৮ মাৰ্চঃ INDIA । ৰাছিয়াৰ সৈতে ২৪৮ মিলিয়ন ডলাৰৰ টেংক ইঞ্জিন চুক্তিত স্বাক্ষৰ কৰিলে ভাৰতে৷ শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ৰাছিয়ান ফেডাৰেচনৰ ৰ’ছ’ব’ৰ’নেক্সপ’ৰ্ট (RoE)ৰ সৈতে টি-৭২ টেংক ইঞ্জিনৰ বাবে চুক্তিবদ্ধ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই চুক্তিৰ মূল্য হৈছে ২৪৮ মিলিয়ন ডলাৰ আৰু ইয়াত প্ৰযুক্তিৰ হস্তান্তৰৰ বিষয় আদি জড়িত হৈ আছে।

” প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে চুক্তি মৰ্মে ৰ’ছ’ব’ৰ’নেক্সপ’ৰ্ট (RoE)আদিৰ বাবেও ৰাছিয়ান ফেডাৰেচনৰ সৈতেবুজাবুজিত উপনীত হোৱা গৈছে৷ উল্লেখ্য ভাৰতে টি-৭২ টেংকৰ বাবে ১০০০ এইচ পি ইঞ্জিন ক্ৰয়ৰ বাবে ২৪৮ মিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে।

চুক্তিখন সন্দৰ্ভত মন্ত্ৰালয়ে কয় যে টি-৭২ হৈছে ভাৰতীয় সেনাৰ টেংক ব্যৱস্থাৰ এক মূল শক্তি৷ বৰ্তমান ভাৰতীয় সেনাৰ টেংক ব্যৱস্থাক ১০০০ এইচ পি ইঞ্জিনেৰে সজ্জিত কৰিবলৈ ভাৰতে এই চুক্তি কৰিছে৷ ফলত ভাৰতীয় সেনাৰ যুদ্ধক্ষেত্ৰৰ গতিশীলতা আৰু আক্ৰমণাত্মক ক্ষমতা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ ভাৰতীয় সেনাৰ বাবে টেংক-৭২ ব্ৰীজ লেইং টেংক (বিএলটি) বাবে মুঠ ব্যয় হ‘ব ১৫৬০.৫২ কোটি টকা।

বিএলটি হৈছে এক জটিল সঁজুলি যিটো সুৰক্ষামূলক অভিযানৰ সময়ত ব্যৱহাৰ কৰা হয়।

Related Articles