Breaking

জাপানক অতিক্ৰম কৰি ২০৩০ চনৰ ভিতৰত এছিয়াৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব ভাৰত

0 55

বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি ভাৰতে জাপানক অতিক্ৰম কৰি ২০৩০ চনৰ ভিতৰত ৭.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ জিডিপিৰে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে বুলি এছ এণ্ড পি গ্ল’বেল মাৰ্কেট ইনটেলিজেন্সে পিএমআইৰ শেহতীয়া সংখ্যাত প্ৰকাশ কৰিছে।


২০২১ আৰু ২০২২ চনত দুবছৰীয়া দ্রুত অর্থনৈতিক বিকাশৰ পাছতো ২০২৩ চনৰ কেলেণ্ডাৰ বর্ষৰ ভিতৰত ভাৰতীয় অর্থনীতিয়ে স্থায়ী শক্তিশালী বৃদ্ধিৰ প্রদর্শন অব্যাহত ৰাখিছে৷

২০২৪ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৬.২-৬.৩ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিটো এই বিত্তীয় বৰ্ষত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ডাঙৰ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। এছিয়াৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ৭.৮ শতাংশৰ তাৰকাময় বৃদ্ধি পাইছে।

Leave A Reply