৫ ৰ পৰা ৮ এপ্ৰিল তাৰিখে জম্মু-কাশ্মীৰস্থিত (India Women’s Pencak Silat) শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্চাক চিলাট লীগ: ২০২৫ ত অসমৰ খেলুৱৈয়ে তিনিটা সোন আৰু চাৰিটাকৈ ব্ৰঞ্জসহ মুঠ সাতটা পদক জিনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত চাৰিদিনিয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত অসমৰ ১২ গৰাকী খেলুৱৈসহ দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী ছিনিয়’ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় লীগ প্ৰতিযোগীতাখনত জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদৰ সচিব প্ৰধান নুজ্হাট গুল, জম্মু-কাশ্মীৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ আয়ুক্ত সচিব ছৰ্মাদ হাফিজ আদিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে। অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলেৰ নেতৃত্বত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা উক্ত প্ৰতিযোগীতাখনত ধেমাজী জিলাৰ খেম কুমাৰী প্ৰধান, শোণিতপুৰ জিলাৰ ৰীমা বড়ো, ওডালগুৰি জিলাৰ জেউতী বড়োৱে সোনৰ পদক আৰু গোলাঘাট জিলাৰ প্ৰেৰণা হাজৰিকা, শোণিতপুৰ জিলাৰ সবিতা মোছাহাৰী, ধেমাজী জিলাৰ তুহীনা চাংমাই, বিব্ৰুগড় জিলাৰ ৰাজশ্ৰী বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।

অহা ১২ এপ্ৰিল তাৰিখে কাশ্মীৰৰ পৰা গুৱাহাটী আহি পাবলগীয়া অসম পেনচাক চিলাট খেলুৱৈ দলটি আগন্তুক ৯ মে’ তাৰিখৰ পৰা আৰম্ভ হ’ৱলগীয়া ত্ৰয়োদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা:২০২৫ৰ বাবে বিষেস প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰা হ’ৱ বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে উক্ত প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় বীচ্ছ্ গেমচ্:২০২৫ আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহৰ বাবে পুৰুষ আৰু মহীলা খেলুৱৈ সকলক বাচনি কৰা হ’ৱ।