Breaking

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিশ্বমুখী যাত্ৰা আৰম্ভ…

0 24

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিশ্বমুখী যাত্ৰা আৰম্ভঃ গোগামুখত কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা- কেন্দ্ৰীয় ৰাজ্যিক কৃষি মন্ত্ৰী কৈলাশ চৌধুৰীয়ে উদ্বোধন কৰিলে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানঃ কৃষি গৱেষণা প্ৰতিষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলক দিব কৃষি ক্ষেত্ৰত নতুন দিগন্ত- অৰ্জুন মুৃ্ণ্ডাঃ

বহু প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত বিশ্বমুখী যাত্ৰা আৰম্ভ হ’ল ধেমাজি জিলাৰ গোগামুখ দিৰপাই চাপৰিস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান(আই চি এ আৰ)  অসমৰ ৷ আজি এক উখল-মাখল পৰিৱেশত গোগামুখৰ দিৰপাইত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু কেন্দ্ৰীয় ৰাজ্যিক কৃষি আৰু কৃষক কল্যান মন্ত্ৰী কৈলাশ চৌধুৰীয়ে পুৱা ১০ বজাত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ এই শুভ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী অৰ্জুন মুণ্ডাই শাৰিৰীকভাৱে উপস্থিত নাছিল যদিও ভাৰ্চুৱেল যোগে তেওঁ কৃষি গৱেষণা প্ৰতিষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যানৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীৰ লগত যুটীয়াভাৱে কৃষি গৱেষণা প্ৰতিষ্ঠান শুভ উন্মোচন কৰে ৷ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি পুৱা ১০ বজাত আই চি এ আৰৰ প্ৰশাসনিক ভৱন আৰু পাঠদান গৃহ মুকলি কৰে ৷  ১-১০ বজাত আই চি এ আৰৰ মানস অতিথিশালা উদ্বোধন কৰে ৷ ঐতিহাসিক মানস অভয়াৰণ্যক লৈ এই অতিথিশালাখনৰ নাম দিয়া হৈছে ৷  ১০-১৫ বজাত সোৱণশিৰি ছাত্ৰী নিৱাস, ব্ৰহ্মপুত্ৰ ছাত্ৰ নিৱাস উদ্বোধন কৰে ৷ ছাত্ৰী নিৱাস ঐতিহাসিক সোৱণশিৰি নদী আৰু ছাত্ৰ নিৱাস মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সন্মানাৰ্থে নামাকৰণ কৰা হৈছে ৷  কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে লগতে আই চি এ আৰৰ শিক্ষাৰ্থীৰ  পাঠদান গৃহ, গৱেষণা গৃহও উদ্বোধন কৰে ৷  ইয়াৰ পাছত ১-৩৫ বজাত  কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী অৰ্জুন মুণ্ডা,  কৃষি আৰু কৃষক কল্যানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে আই চি

এ আৰে আয়োজন কৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ সভাখনত আদৰণি ভাষণ দিয়ে দিল্লীস্থিত আই চি এ আৰৰ সঞ্চালক তথা প্ৰধান বিজ্ঞানী অশোক কুমাৰ সিংহই ৷ আদৰণি ভাষণত তেওঁ কয়- গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান বিশ্ব মানদণ্ডৰ ৷ কৃষিকৰ্মৰ যি বিশ্বমানৰ প্ৰযুক্তি আছে ইয়াত সকলো উপলব্ধ হ’ব ৷ কেৱল ইয়াত গৱেষণাই নহয় কৃষি বিজ্ঞানৰ স্নাতক মহলাৰ পাঠ্যক্ৰমো  ইয়াত উপলব্ধ হ’ব ৷ কিছু কাৰিকৰী বিজুতিৰ বাবে আমি আই চি এ আৰ সময়মতে আৰম্ভ কৰিব পৰা নাছিলোঁ ৷ কিন্তু আজিৰ পৰা পূৰ্ণাংগ ৰূপত আই চি এ আৰৰ যাত্ৰা আৰম্ভ হৈছে ৷ আগন্তুক মে’ মাহৰ পৰা ১৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত পাঠগ্ৰহণ কৰিবলৈ উপস্থিত হ’ব  ৷ এইসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে আই চি এ  আৰ, অসমৰ নামত দিল্লী, ঝাৰখণ্ড আই চি এ আৰৰ প্ৰতিষ্ঠানত পাঠগ্ৰহণ কৰি আছে বুলি তেওঁ দোহাৰে আৰু গোগামুখস্থিত  আই চি এ আৰে সমগ্ৰ দক্ষিণ-পূৱ এছিয়াত কৃষি বিপ্লবৰ নতুন দিগন্ত সূচনা কৰিব বুলি তেওঁ দোহাৰে ৷ সভাত ভাৰ্চুৱেলৰ জৰিয়তে অনুষ্ঠানত উপস্থিত থকা ৰাইজক সম্বোধন কৰে দিল্লীস্থিত  আই চি এ আৰৰ সাধাৰণ পৰিষদৰ মুৰব্বী ড° সীমাংশু পাঠকে ৷ সহস্ৰাধিক লোকৰ উপস্থিতিত  অনুষ্ঠিত হোৱা সভাত  ভাৰ্চুৱেলৰ জৰিয়তে  মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী অৰ্জুন

মুণ্ডাই জনসাধাৰণক সম্বোধি কয়- ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমে উত্তৰ-পূৰ্বাঞ্চলৰ গৰিমা  বহু পৰিমাণে  বৃদ্ধি কৰিব ৷ নতুন কৃষি বিপ্লবৰ সূচনা কৰিব ৷ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৱৰ উন্নতিৰ প্ৰতি থকা সদিচ্ছা, সুন্দৰ চিন্তাধাৰাৰ বাবে এই বিশ্বমানৰ সংস্থাটো অসমে লাভ কৰিছে ৷ এই সংস্থাটোৱে উত্তৰ-পূৰ্বাঞ্চলত থকা কৃষি সম্ভাৱনাক সঠিক ৰূপত উদ্ভাৱন কৰিব ৷ তেওঁ কয়- আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দেশৰ জনসাধাৰণক কৃষি কৰ্মত সংপৃক্ত কৰাৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে দেশৰ প্ৰতিটো প্ৰান্তত কৃষিক্ষেত্ৰত উন্নয়নৰ মুখ দেখিছে ৷  গোগামুখ প্ৰতিষ্ঠা কৰা আই চি এ আৰ বাস্তৱিকতে অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ৷ সমগ্ৰ দক্ষিণ-পূৱ এছিয়াক ই সামৰি ল’ব ৷ ভাষণ প্ৰসংগত তেওঁ লগতে কয়- ভাৰত চৰকাৰে কৃষি ক্ষেত্ৰখন আজি বা কালিৰ দৃষ্টিকোণেৰে চোৱা নাই ৷ ভৱিষ্যতৰ লক্ষ্যৰে চোৱা হৈছে ৷ ২০৪৬ চনত আমাৰ ভূমি কিমান থাকিব, দেশৰ জনসংখ্যা কিমান হ’ব, আমাৰ ভূমিৰ আৱশ্যকতা কিমান হ’ব, আমাৰ কৃষি সম্ভাৱনা কিমান হ’ব আৰু এই সম্ভাৱনাক আমি আই চি এ আৰ অনুষ্ঠানবোৰৰ জৰিয়তে কিমান দূৰ আগুৱাই   নিব পাৰিম এই উপাই উদ্ভাৱন কৰিব লাগিব ৷ উপাইসমূহ অস্বাভাৱিক হ’ব যেন আমাৰ লাগে ৷ কিন্তু আমি ইয়াক স্বাভাৱিক কৰিব লাগিব ৷  আমাৰ সকলোবোৰ যোজনাক লাভদায়ক কৰি তুলিবলৈ  দৃঢ় সংকল্প ল’ব লাগিব ৷ তেওঁ পুনৰ কয়- ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসম, বিশ্ব পৰ্যায়ৰ ৷ গুণগত দিশ আৰু মানদণ্ডৰ দিশৰ পৰাও বিশ্ব পৰ্যায়ৰ ৷ ইয়াৰ পৰা আমি  উত্তৰ-পূৰ্বাঞ্চলক কৃষি গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে  প্ৰতিষ্ঠা কৰিম ৷ ইয়াৰ লগে  লগে আমি এইটো চাব লাগিব যে, খিলঞ্জীয়া লোকে কৰা কৃষি, প্ৰাকৃতিক, জৈৱিকভাৱে উৎপাদিত কৃষিজাত শস্যসমূহৰ যি শক্তি এইবোৰক কি দৰে সুৰক্ষা দিব পাৰোঁ তাক উদ্ভাৱন কৰিব লাগিব ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শ নেতৃত্বত  ভাৰত চৰকাৰে এনেকুৱা কৰ্মসূচী তৈয়াৰ কৰিছে যিটো কৰ্মসূচীৰ জৰিয়তে আমি এইটো ক’ব পাৰোঁ যে বহু ক্ষেত্ৰত আমি বহু আগুৱাইছোঁ আৰু কিছু ক্ষেত্ৰত আমি পিছ পৰি আছোঁ ৷ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত আমাৰ বিশেষ লক্ষ্য আছে ৷  সুৰ্যোদয়ৰ পৰা সুৰ্যোদয় হৈ আৰু  ইয়াক লক্ষ্য কৰিয়ে ভাৰত চৰকাৰ কাম কৰি আছে ৷  এই গৱেষণা প্ৰতিষ্ঠানত কেৱল গৱেষণাৰ কামেই চলিব এইটো নহয়  ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কৃষি বিভাগ, এলাইট ক্ষেত্ৰতো আহিব ল’গা দিনত আৰু বহুত উন্নত কাম কৰিব ৷ ২০৪৬ চনৰ লক্ষ্য বুলি ক’লে কেৱল এতিয়াৰ সময়ৰ লক্ষ্য  নুবুজায় ৷ আমাৰ দূৰণিবটীয়া লক্ষ্য  আছে ৷ এক দূৰণি লক্ষ্য লৈ আমি আগুৱাইছোঁ ৷  স্বাভাৱিক ৰূপত আমি লক্ষ্য অনুকৰণ কৰিছোঁ ৷  লক্ষ্য লোৱাৰ লগে লগে আমি লক্ষ্যৰ ৰাস্তাও নিৰ্মাণ কৰিব লাগিব ৷ এই লক্ষ্য কেনেকৈ আমি লক্ষ্য প্ৰাপ্ত কৰিম তাৰ ধাৰণাও  আমি নিৰ্মাণ কৰিব লাগিব আৰু ইয়াৰ বাবে আমি কিমান পৰিশ্ৰম কৰিব লাগিব তাকো নিৰ্ধাৰণ কৰিব লাগিব ৷ তেওঁ শেষত কয়-  মই সুখী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষকৰ উন্নতি বৃদ্ধি পাইছে, কৃষকৰ সন্মান বৃদ্ধি পাইছে ৷ কৃষকৰ বাবে আমাৰ  চৰকাৰে যি কাম কৰিছে আন কোনো চৰকাৰে কৰিব পৰা নাছিল ৷ আমি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানক আনুষ্ঠানিকভাৱে জনগণৰ হাতত অৰ্পণ কৰি অতি আনন্দিত হৈছোঁ বুলিও তেওঁ দোহাৰে ৷ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যানৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কয়- ধেমাজিৰ গোগামুখৰ পৰা দিল্লী বহু দূৰ বুলি আমাৰ জনসাধাৰণে আছে । হয়  ইয়াৰ পৰা দিল্লী বহু দূৰ ৷ কিন্তু দিল্লী এতিয়া আপোনালোকে ইয়াতে লাভ কৰিছে ৷

দিল্লীৰ আই চি এ আৰত উপলব্ধ সকলো সুবিধা ইয়াত আপোনালোকে পাব ৷ এতিয়াৰ পৰা গোগামুখৰ পৰা কৃষিজাত সামগ্ৰী দিল্লীৰ পৰা বিদেশলৈ যাব, দিল্লীৰ পৰা গোগামুখলৈ আহিব ৷ গোগামুখ আই চি এ আৰৰ বিজ্ঞানী দিল্লী যাব, দিল্লীৰ বিজ্ঞানী গোগামুখ আহিব ৷ ইয়াৰ পৰাই সমগ্ৰ এছিয়া মহাদেশত ভাৰতৰ কৃষিজাত সামগ্ৰীয়ে বজাৰ দখল কৰিব ৷ এতিয়াৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকে কৃষি খণ্ডত নতুন মাত্ৰা লাভ কৰিব ৷ আগন্তুক দিনত ভাৰতত কোন চৰকাৰে ক্ষমতাত থাকে এইটো ডাঙৰ কথা নহয় কিন্তু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে যুগ যুগ ধৰি সমগ্ৰ এছিয়া মহাদেশত নিজৰ গৰিমা লৈ কৃষকৰ সপোন পুৰণত অহৰহ লাগি থাকিব বুলি তেওঁ দোহাৰে ৷ উল্লেখনীয় যে,  ২০১৭ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোগামুখ দিৰপাইস্থিত  আই চি এ আৰৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৮ চনৰ পৰা ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল ৷  আজিৰ অনুষ্ঠানত  ভাষণ প্ৰদান কৰে  অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আদিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে আই চি এ আৰৰ অসমৰ মুৰব্বী ড° লুহিত কুমাৰ বৈশ্য, মিচি’ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া প্ৰমূখ্যে স্থানীয় গণ্যমান্য ব্যক্তিসকলে ৷

Leave A Reply