
INDIAN ARMY । অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে সুখ্যাতি অৰ্জন কৰি ৰাজ্যবাসী আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিছে মেজৰ ডাঃ দীপান্বিতা কলিতাই।

প্ৰসিদ্ধ ‘ফেমিনা ইণ্ডিয়া’ আলোচনীত “অপাৰেচন সিন্দুৰ”ৰ মূল নাৰী যোদ্ধা কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ লগতে দেশৰ আন ৮ গৰাকী বীৰাঙ্গণাৰ মাজত স্থান লাভ কৰিছে ডাঃ দীপান্বিতা কলিতাই। এই গৌৰৱজনক খবৰে আনন্দিত কৰিছে ঢেকিয়াজুলিবাসীহঁতক, লগতে তেওঁৰ পিতৃ প্ৰবীণ চন্দ্ৰ কলিতা, জ্যেষ্ঠ ভগ্নী তথা জ্যেষ্ঠ সাংবাদিক নৱনীতা কলিতা আৰু পৰিয়ালবৰ্গক।

উল্লেখযোগ্য যে, ফিলিপাইনছত MBBS ডিগ্ৰী সম্পূৰ্ণ কৰি স্বদেশলৈ উভতি আহি, ভাৰতীয় সেনা বাহিনীত চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে মেজৰ দীপান্বিতা। তাৰ পাছত INDIAN AIR FORCE ৰ তৰফৰ পৰা অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে উজ্জ্বল সাফল্যৰ অধিকারী হয়।
এই গৌৰৱজনক কৃতিত্বে ভাৰতীয় সেনা বাহিনীৰ লগতে অসমকো আন্তৰ্জাতিক মঞ্চত এক বিশেষ স্থান প্ৰদান কৰিছে।

