তিনিচুকীয়া জিলাৰ লেখাপানীস্থিত ভাৰতীয় সেনা বাহিনীয়ে বৃহস্পতি বাৰে উদযাপন কৰে স্বৰ্ণীম বিজয় দিৱস।১৯৭১ চনৰ ১৬ ডিচেম্বৰ তাৰিখে পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হয় এই বিজয় দিৱস।বিজয় দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাবাহিনীয়ে দুখনকৈ বিদ্যালয় ক্ৰমে টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাচাক জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্রী তথা ছাত্ৰ ছাত্ৰী সকলক আমন্ত্ৰণ কৰি আনে।

ভাৰতীয় সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া আৰু প্ৰায় ডেৰ শতাধিক ছাত্র ছাত্ৰীৰ উপস্থিতিত সেনা বেষ্টনীৰ চৌপাশে ছয় হাজাৰ গছ পুলি ৰোপণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰোপৰি সেনাবাহিনীৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ আকৰ্ষণীয় কাৰ্যসূচী পালন কৰাৰ উপৰিও কাৰ্যসূচীত উপস্থিত সকলোকে চাহ আৰু মিঠাইৰে আপ্যায়ন কৰা হয়।সেনাবাহিনীয়ে আয়োজন কৰা উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলক যথেষ্ট উৎসাহিত হোৱা দেখা যায়। ভাৰতীয় সেনাবাহিনীৰ এনেধৰণৰ পদক্ষেপে সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব বুলি সকলো আশাবাদী।


