Breaking

উত্তৰ ছিকিমত ভূমিস্খলন, পথ অৱৰোধৰ বাবে আৱদ্ধ হৈ থকা ৫০০ পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ…

0 55

উত্তৰ ছিকিমত ভূমিস্খলন, পথ অৱৰোধৰ বাবে আৱদ্ধ হৈ থকা ৫০০ পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ। শুকুৰবাৰে ভাৰতীয় সেনাই লাচুং আৰু লাচেন উপত্যকালৈ গৈ থকা ৫০০ পৰ্যটকক উদ্ধাৰ কৰে যদিও পথত ভূমিস্খলন আৰু পথ অৱৰোধৰ বাবে চুংথাঙত আবদ্ধ হৈ পৰে। শুকুৰবাৰে ভাৰতীয় সেনাই লাচুং আৰু লাচেন উপত্যকালৈ গৈ থকা ৫০০ পৰ্যটকক উদ্ধাৰ কৰে কিন্তু পথত ভূমিস্খলন আৰু পথ অৱৰোধৰ বাবে চুংথাঙত আবদ্ধ হৈ পৰে। জেন এ লাচেন, লাচুং আৰু চুংথাঙত প্ৰচণ্ড বৰষুণ। ভাৰতীয় সেনাই পৰ্যটকসকলক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰি খাদ্য আৰু গৰম কাপোৰ দিয়ে।

তিনিটা চিকিৎসা দল গঠন কৰি সকলো পৰ্যটকক পৰীক্ষা কৰে। গুৰুডোগমাৰ হ্ৰদলৈ যোৱা এগৰাকী মহিলাৰ তীব্ৰ মূৰৰ বিষ হয়। ওচৰৰ ফিল্ড হাস্পতালৰ মহিলা চিকিৎসা বিষয়াকে ধৰি এটা চিকিৎসা দলে ততাতৈয়াকৈ সেই স্থানলৈ গৈ একুইট মাউণ্টেন ছিকনেছ (এএমএছ)ৰ লক্ষণ ধৰা পেলায়। তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰি চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয়। ৰাতিপুৱালৈকে তেওঁ সুস্থ হৈ পৰিছিল। ইফালে, অতি সোনকালে যান-বাহনৰ চলাচলৰ বাবে পথ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। পৰৱৰ্তী যাত্ৰাৰ বাবে পথ মুকলি নোহোৱালৈকে পৰ্যটকসকলক সকলো সাহায্য প্ৰদান কৰা হ’ব।

Leave A Reply