ভাৰতীয় সেনাবাহিনীৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচী

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচী পালন কৰা হয়  । ভাৰতীয় সেনা বাহিনীৰ জোৱান সকলৰ বীৰত্ব আৰু পৰাক্ৰমক শ্ৰদ্ধা জনাই দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক জেউতিৰ শ্বহীদ বেদীৰ প্ৰাংগনৰ পৰা জেউতি জ্বলাই ভাৰতৰ বিভিন্ন ৰাজ্য পৰিদৰ্শন কৰি আজি ভাৰতীয় সেনা বাহিনীৰ এটি সজাতি দল নলবাৰী জিলাত উপস্থিত হয় । এই যাত্ৰা কালত ভাৰতীয় সেনাবাহিনীয়ে শ্বহীদৰ নামত প্ৰজ্বলিত কৰা জেউতি কোনো কাৰণতে নুমুৱাবলৈ দিয়া হোৱা নাই  । আজি নলবাৰী জিলাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয়  সেনা বাহিনীৰ দলটো উপস্থিত হোৱাৰ পিছত জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে হাতত পতাকা লৈ উষ্ম আদৰণি জনাই  । উল্লেখ্য যে সেনা বাহিনীৰ দলটোৱে নলবাৰী জিলা হৈ তামুলপুৰৰ সেনাবাহিনীৰ চাউনীত উপস্থিত হৈ সেনাৰ চাউনীত আয়োজিত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি আকৌ প্ৰজ্বলিত জেউতি লগত লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব  ।

Related Articles