ভাৰতীয় ৰে’লৱেই ২১ মাৰ্চ পৰা উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ট্ৰেইনৰ শুভাৰম্ভ কৰিব

ভাৰতীয় ৰে’লৱেই ২১ মাৰ্চ ২০২৩ ত উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ট্ৰেইনৰ শুভাৰম্ভ কৰিব।এই বিশেষ ভ্ৰমণে উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ভ্ৰমণৰ সুযোগ প্ৰদান কৰিব।এই ৰে’লখন হব ১৫৬ জন পৰ্যটকৰ সুবিধাৰ সৈতে অত্যাধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইন।ভাৰতীয় ৰে’লৱেই ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনৰ জৰিয়তে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি বিশেষভাৱে প্ৰস্তুত কৰা ভ্ৰমণ “নৰ্থ ইষ্ট ডিস্কভাৰী: বিয়ণ্ড গুৱাহাটী” শুভাৰম্ভ কৰিবলৈ সিদ্ধান্ত কৰিছে। এই ট্ৰেইন টুৰ ২১ মাৰ্চ, ২০২৩ত দিল্লী ছফদৰজং ৰে’লৱে ষ্টেচনৰ পৰা আৰম্ভ হ’ব আৰু ১৫ দিনীয়া ভ্ৰমণত অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জি সামৰি ল’ব।১৪টা নিশা আৰু ১৫টা দিনজোৰা, এই ট্ৰেইন প্ৰথম ৰখোৱা হ’ব গুৱাহাটীত য’ত পৰ্যটকসকলে কামাখ্যা মন্দিৰ ভ্ৰমণ কৰিব আৰু তাৰ
পাছত উমানন্দ মন্দিৰ ভ্ৰমণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰত এক সূৰ্যাস্ত ক্ৰুইজ কৰিব। ইয়াৰ পাছত ট্ৰেইনখন গোটেই নিশাজুৰি নাহৰলগুন ৰে’লৱে ষ্টেচন অভিমুখে ৰাওনা হ’ব যি পৰৱৰ্তী গন্তব্য তথা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ৩০ কিঃমিঃ নিলগত। ইয়াৰ পাছত যাবলগা নগৰখন হৈছে শিৱসাগৰ- অসমৰ উত্তৰাংশত থকা আহোম সাম্ৰাজ্যৰ প্ৰাচীন ৰাজধানী। অন্যান্য ঐতিহাসিক স্থানসমূহৰ উপৰিও শিৱসাগৰত থকা বিখ্যাত শিৱ
মন্দিৰ, শিৱদৌল আদি এই যাত্ৰাৰ অংশ হিচাপে থাকিব।

তদুপৰি যোৰহাটৰ চাহ বাগিছাবিলাক আৰু কাজিৰঙাত এৰাতি থাকি পুৱা সোনকালেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জাংগল ছাফাৰিৰ অভিজ্ঞতা ল’ব পৰ্যটকসকলে।ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনখন তাৰপাছত ফৰকাটিং ৰে’লৱে ষ্টেচনৰ পৰা ত্ৰিপুৰা অভিমুখে ৰাওনা হ’ব য’ত বিখ্যাত ঐতিহ্য ক্ষেত্ৰ উনাকোটি আৰু আগৰতলা চোৱাৰ লগতে প্ৰসিদ্ধ উজ্জয়ন্ত প্ৰাসাদ চাব। পাছদিনা, এই যাত্ৰাত উদয়পুৰৰ নীৰমহল প্ৰাসাদ আৰু ত্ৰিপুৰা সুন্দৰী মন্দিৰ সামৰি লোৱা
হ’ব। ত্ৰিপুৰাৰ পাছত, ট্ৰেইনখন নাগালেণ্ড ৰাজ্য ভ্ৰমণৰ উদ্দেশ্যে ডিমাপুৰলৈ ৰাওনা হ’ব। বদৰপুৰ ষ্টেচনৰ পৰা লামডিং জংচনলৈ নৈসৰ্গিক ৰে’ল যাত্ৰাৰ সুখানুভূতি যাত্ৰীসকলে নিচেই পুৱাতে তেওঁলোকৰ আসনৰ পৰাই উপভোগ কৰিব পাৰিব। ডিমাপুৰ ষ্টেচনৰ পৰা পৰ্যটকসকলক বাছেৰে কহিমালৈ নিয়া হ’ব য’ত খনমা গাঁৱত নাগা জীৱনশৈলীৰ বুজ লোৱাৰ লগতে তাৰ বিভিন্ন স্থান ভ্ৰমণৰ আনন্দ লাভ কৰিব।

তাৰ পাছত ট্ৰেইনখন গুৱাহাটীলৈ আহিব আৰু পৰ্যটকসকলক মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ স্থলপথেৰে নিয়াৰ পথত প্ৰখ্যাত উমিয়াম হ্ৰদত ৰোৱা হ’ব। পাছদিনা ইষ্ট খাচী হিলছত থকা চেৰাপুঞ্জিলৈ যাত্ৰা কৰা হ’ব। সেইদিনাৰ স্থান দৰ্শনৰ ভিতৰত থাকিব শ্বিলং পীক, এলিফেণ্ট ফলছ, নওখালিকাই ফলছ আৰু মওছমাই গুহা আদি। চেৰাপুঞ্জিৰ পৰা পৰ্যটকসকল গুৱাহাটী ষ্টেচনলৈ উভতি আহিব আৰু দিল্লীলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিব। এই সমগ্ৰ যাত্ৰাত অতিথিসকলে ট্ৰেইনেৰে প্ৰায় ৫৮০০ কিঃমিঃ ভ্ৰমণ কৰিব। আধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনখনত দুখন সুন্দৰ ডাইনিং ৰেষ্টুৰেণ্টকে ধৰি এটা আধুনিক ৰন্ধনশালা, ডবাবোৰত শ্বাৱাৰ কিউবিকলছ,ছেন্সৰযুক্ত ধোৱা-পখলাৰ ব্যৱস্থা, ফুট মেছেজাৰ আৰু এটা সৰু লাইব্ৰেৰীৰ সুবিধা আছে। সম্পূৰ্ণৰূপে বাতানুকূল ৰে’লগাড়ীখনত দুইপ্ৰকাৰৰ আৱাসী সুবিধা এচি l আৰু এচি ll প্ৰদান কৰা হৈছে। ৰে’লখনত চিচিটিভি কেমেৰা, ইলেক্ট্ৰনিক ছেফ আৰু প্ৰতিটো ডবাৰ বাবে নিযুক্ত বিশেষ সুৰক্ষা কৰ্মীৰ দৰে নিৰাপত্তাৰ সুবিধা বঢ়োৱা হৈছে। ভাৰত গৌৰৱ পৰ্যটক ৰে’লগাড়ীৰ শুভাৰম্ভ ঘৰুৱা পৰ্যটনক উদগণি যোগাবলৈ ভাৰত চৰকাৰৰ পদক্ষেপ “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” আৰু
“দেখো অপনা দেশ”ৰ অনুৰূপ। এই ভ্ৰমণ এচি 2 টিয়েৰত প্ৰতিজন লোকৰ ১,০৬,৯৯০/- টকা, এচি 1 (কেবিন)ৰ বাবে ১,৩১,৯৯০/- টকা আৰু প্ৰতিজন লোক এচি (কুপ)ৰ বাবে ১,৪৯,২৯০/- টকাৰ পৰা আৰম্ভ হোৱা মূল্য সীমাত আইআৰচিটিচি টুৰিষ্ট ট্ৰেইন ১৫ দিনৰ সম্পূৰ্ণ সমাৱেশী টুৰ পেকেজ হ’ব। ৰে’লগাড়ীখনৰ ভাৰাত সংশ্লিষ্ট শ্ৰেণীত ট্ৰেইন যাত্ৰা, এচি হোটেলত ৰাত্ৰিযাপন, সকলো ধৰণৰ ভোজন (কেৱল শাকাহাৰী), বাছত সকলো যাত্ৰা স্থানান্তৰণ আৰু দৰ্শনীয় স্থল, যাত্ৰা বীমা আৰু গাইডৰ সেৱা অন্তৰ্ভুক্ত হ’ব। যাত্ৰাৰ সময়ত সকলো আৱশ্যকীয় স্বাস্থ্য সম্পৰ্কীয় উপায়ৰ ধ্যান ৰখা হ’ব আৰু আইআৰচিটিচিয়ে অতিথিসকলক এক সুৰক্ষিত তথা স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰয়াস কৰিব।


বৰ্তমান কোভিড ১৯ পৰিদৃশ্যত ৰোগৰ পৰা সুৰক্ষাৰ উপায় সুনিশ্চিত কৰাৰ উদ্দেশ্যে ১৮ বছৰ বা তাৰ ওপৰৰ বয়সৰ অতিথিসকলৰ বাবে পূৰ্ণ টীকাকৰণ (দুপালি লোৱা) হোৱা অনিবাৰ্য। ইয়াৰ উপৰিও, আইআৰচিটিচিয়ে সকলো পৰ্যটকক এটা সুৰক্ষা কিটো প্ৰদান কৰিব, য’ত ফেচ মাস্ক, হাতমোজা আৰু ছেনিটাইজাৰ অন্তৰ্ভুক্ত আছে। সকলো পৰ্যটক আৰু কৰ্মচাৰীৰ তাপমাত্ৰাৰ নিয়মিত পৰীক্ষা, হল্ট ষ্টেচনত বাৰেবাৰে ট্ৰেইন চাফা কৰা, আৰু অন্য সাৱধানতা অৱলম্বন কৰা হ’ব। কৰ্মচাৰীৰ সম্পূৰ্ণ ৰূপে পৰীক্ষা কৰা হ’ব আৰু প্ৰতিবাৰ ভোজন সেৱাৰ পাছত ৰন্ধনশাল আৰু ৰেষ্টুৰেণ্ট চাফা কৰা হ’ব। আইআৰচিটিচিয়ে বৃহৎ সংখ্যাৰ বাবে এই পেকেজ অধিক আকৰ্ষণীয় তথা লাভজনক কৰি তোলাৰ উদ্দেশ্যে পেটিএম আৰু ৰেজৰপে’ পেমেণ্ট গেটৱেৰ সৈতে চুক্তি কৰিছে যাতে মুঠ পৰিশোধ ক্ষুদ্ৰ ধনৰাশিৰ ইএমআইলৈ সলনি কৰিবলৈ ইএমআই পৰিশোধৰ বিকল্প উপলব্ধ কৰাব পৰা যায়। অধিক জানিবৰ বাবে আপুনি আইআৰচিটিচিৰ ৱেবছাইট: https://www.irctctourism.comত লগ অন কৰিব পাৰে।

Related Articles