Breaking

মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ পুনৰ পতন, আজি হ’ল ৮২ টকা

0 79

ভাৰতীয় টকাৰ অৱনমন অব্যাহত আছে। এইবাৰ আমেৰিকান ডলাৰৰ মূল্য ৮২ টকা অতিক্ৰম কৰিছে। শুকুৰবাৰে ৰাতিপুৱা বজাৰ খোলাৰ সময়ত টকাৰ মূল্য ৩৩ পইচা হ্ৰাস পায়। শতাংশ হিচাপে, ই হৈছে ০.৪১ শতাংশ। এই বৃহৎ হ্ৰাসৰ ফলস্বৰূপে টকাৰ নতুন মূল্য হয়গৈ ৮২.২২টকা। এটা সময়ত হ্ৰাস পাই পাই ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮২.৩৩ টকাত ৰয়। প্ৰথমবাৰৰ বাবে ভাৰতীয় মুদ্ৰাৰ মূল্য এইবাৰ ৮২ টকা অতিক্ৰম কৰিছে।বজাৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে টকাৰ মূল্যৰ অভিলেখ হ্ৰাস হোৱাৰ কাৰণ হৈছে খাৰুৱা তেলৰ মূল্য নিৰন্তৰ বৃদ্ধি, বিশ্বব্যাপী বিত্তীয় মন্দাৱস্থাৰ আশংকা, বিদেশী বিনিয়োগৰ অভাৱ আদি। পৰিসংখ্যা অনুসৰি, কেৱল এই বছৰেই টকাৰ মূল্য ১০.৬ শতাংশ হ্ৰাস পাইছে। যোৱা আঠ বছৰত এই হ্ৰাস ২৫ শতাংশতকৈও অধিক হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ মূল্য আছিল ৬৩ টকা ৩৩ পইচা।

২০১৮ৰ ৩১ ডিচেম্বৰত এই মূল্য ৬৯.৭৯টকালৈ বৃদ্ধি হয়। ২০১৯ চনৰ অন্তিম দিনটোত দেখা গৈছিল যে ডলাৰৰ হিচাপত ভাৰতীয় মুদ্ৰাৰ মূল্য ৭০-ৰ সীমা অতিক্ৰম কৰিছে।কৰোনা কালৰ পিছত এই বিনিময় মূল্য আছিল প্ৰায় সত্তৰ টকা। কিন্তু ভাৰতীয় মুদ্ৰা বজাৰ কেইমাহমানৰ পৰা মন্দাৱস্থাত আছে। ভাৰতীয় মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে।

যিটো অৰ্থনীতিৰ বাবে যথেষ্ট উদ্বেগৰ বিষয়।উল্লেখ্য যে যোৱা ২৩ ছেপ্টেম্বৰত বজাৰ খোলাৰ লগে লগে ডলাৰৰ বিপৰীতে একেবাৰতে টকাৰ মূল্য বহুখিনি হ্ৰাস পাইছিল। সেইদিনা এক আমেৰিকান ডলাৰৰ মূল্য পাইছিলগৈ ৮১ টকা ৯ পইচা। প্ৰথমবাৰৰ বাবে টকাৰ মূল্য ৮১ টকা অতিক্ৰম কৰিছিল।পৰিসংখ্যা অনুসৰি, এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পিছত বজাৰ চলি থকাৰ সময়ত এনেদৰে টকাৰ মূল্য ইমান হ্ৰাস হোৱা নাছিল।

Leave A Reply