Breaking

ভাৰতীয় নাৰীয়ে জয় কৰিলে দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ

0 41

এগৰাকী ভাৰতীয় নাৰীয়ে সাগৰ পৃষ্ঠৰ পৰা ২২ হেজাৰ ৮৩৭ ফুট উচ্চতাৰ একনকাগুৱা শিখৰ আৰোহন কৰিলে। তেওঁৰ নাম মণিতা প্ৰধান। ছিকিমৰ ছ’ৰেং অঞ্চলৰ বাসিন্দা পৰ্বতাৰোহী মণিতা প্ৰধানে ২৯ জানুৱাৰী, মঙলবাৰে ২২,৮৩৭ ফুট উচ্চতাৰ একনকাগুৱাৰ ওপৰত ভৰি দিয়ে।

মণিতাৰ এই সফল্যত চিকিমৰ লগতে সমগ্ৰ দেশ আনন্দিত। মণিতাৰ সফলতাত দাৰ্জিলিং হিমালয়ান পৰ্বতাৰোহণ প্ৰতিষ্ঠানেও সন্তোষ প্ৰকাশ কৰিছে । সংগঠনটোৰ অধ্যক্ষ গ্ৰুপ কেপ্তেইন জয় কিষানে কয়, “মণিতাৰ সফলতা মহিলা সৱলীকৰণৰ এক শক্তিশালী নিদৰ্শন হৈ থাকিব। এই সফলতা ব্যক্তিগত জয় নহয়। যুৱ প্ৰজন্মৰ বাবেও ই এক প্ৰেৰণাৰ উৎস।”

কিন্তু এয়াই প্ৰথম নহয়। পৰ্বতাৰোহণৰ ক্ষেত্ৰতো মণিতাৰ কেইবাটাও কৃতিত্ব আছে। ৩৯ বছৰীয়া মহিলা পৰ্বতাৰোহী গৰাকীয়ে ২০১৪ চনত প্ৰশিক্ষণৰ অন্তত পৰ্বতাৰোহণ আৰম্ভ কৰে । যদিও তাৰ আগতে তেওঁ ২০০৭ চনৰ পৰা সৰু- সুৰা পৰ্বতাৰোহণ ইভেন্টত অংশ লয়। ইয়াৰ পিছত ২০১৩ চনত ৬৫০০ মিটাৰ উচ্চতাৰ মণিৰাং পৰ্বত, ২০১৪ চনত ৬০০০ মিটাৰ উচ্চতাৰ টিংচেন খাং আৰু ৬৫০০ মিটাৰ উচ্চতাৰ ভাগীৰথীলৈ অভিযান কৰে। ২০২১ চনত এভাৰেষ্টত ভৰি দিছিল মণিতাই।

তাৰ পিছতে আহে একনকাগুৱাৰ সফলতা। এয়া আছিল তেওঁৰ সপ্তম অভিযান। ২৯ জানুৱাৰীৰ পুৱা ১১:৫০ বজাত মণিতাই দক্ষিণ আমেৰিকাৰ এণ্ডিউজ ৰেঞ্জৰ মাউণ্ট একনকাগুৱাৰ শিখৰত ভৰি দি ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰে। সমুদ্ৰপৃষ্ঠৰ পৰা সেই শৃংগটোৰ উচ্চতা আছিল ৬ হেজাৰ ৯৬২ মিটাৰ অৰ্থাৎ ২২ হাজাৰ ৮৩৭ ফুট। শিখৰত উপনীত হ’বলৈ মণিতাই প্ৰতিকূল বতৰৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছে।

পৰ্বতাৰোহীসকলে অনুভৱ কৰে যে একনকাগুৱাত মণিতাৰ এই সফলতা ব্যক্তিগত নহয়। এয়া হ’ল ভাৰতীয় মহিলাৰ দৃঢ় সংকল্পৰ জয়। দুঃসাহসিক ক্ৰীড়া আৰু পৰিৱেশ সজাগতা বৃদ্ধিৰ সৈতেও মণিতা জড়িত। সেই দৃষ্টিকোণৰ পৰা তেওঁ এতিয়া ৰোল মডেল। অৱশ্যে মণিতা তাতেই ৰৈ থাকিবলৈ অনিচ্ছুক। এতিয়া তেওঁ আৰু তিনিটা পৰ্বতৰ চূড়া জয় কৰাৰ লক্ষ্য লৈছে। সেইবোৰ হ’ল উত্তৰ আমেৰিকাৰ মাউণ্ট ডেনালি, এন্টাৰ্কটিকাৰ মাউণ্ট ভিনছন মেচিফ আৰু ইণ্ডোনেছিয়াৰ কাৰ্ষ্টেনজ পিৰামিড।

Leave A Reply