Breaking

মাত্ৰ ৪ লাখ টকাতে কিনি আনিব পাৰিব এই বিশেষ গাড়ীখন। বহুতৰে নাই এইখন গাড়ী।

0 80

ভাৰতৰ বজাৰত উপলব্ধ হ’ল আটাইতকৈ কম দামৰ বৈদ্যুতিক মাইক্ৰ কাৰখন। মুম্বাইৰ ষ্টাৰ্টআপ পাৰ্চনেল মোবিলিটি ভেহিকেলে বুধবাৰে দেশৰ আটাইতকৈ সস্তা বৈদ্যুতিক মাইক্ৰ’ কাৰ পিএমভি ইএএছ-ই মুকলি কৰে।
চাৰিখন দুৱাৰ আৰু দুখন আসন থকা এই সৰু বৈদ্যুতিক গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য মাত্ৰ ৪.৭৯ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমান, কোম্পানীটোৱে ইয়াক এক পৰিচয় মূল্যৰ সৈতে প্ৰৱৰ্তন কৰিছে। এই পৰিচয় মূল্যত প্ৰাৰম্ভিক ১০,০০০ গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।
কোম্পানীটোৱে ইতিমধ্যে গাড়ীখনৰ প্ৰাক-বুকিং আৰম্ভ কৰিছে। কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে মাত্ৰ ২০০০ টকাতে ইয়াক বুক কৰিব পাৰি।
কোম্পানীটোৱে দাবী কৰিছে যে এই মাইক্ৰ’কাৰখন মুকলি কৰাৰ আগতেই এতিয়ালৈকে ইয়াৰ বাবে ৬০০০ ইউনিটৰ বুকিং নথিভুক্ত কৰা হৈছে।
মুঠ তিনিটা পৃথক ড্ৰাইভিং ৰেঞ্জৰ সৈতে বৈদ্যুতিক গাড়ীখন বহুতো ৰঙত উপলব্ধ হ’ব। পিএমভি ইলেক্ট্ৰিকৰ দ্বাৰা প্ৰাপ্ত তথ্য অনুসৰি, দৈনিক যাতায়তৰ কথা মনত ৰাখি এই দুখন আসনৰ বৈদ্যুতিক গাড়ীখন প্ৰস্তুত কৰা হৈছে।
গাড়ীখনত দুজন লোকক বহাৰ ব্যৱস্থা কৰা হৈছে। য’ত এজন ব্যক্তি সন্মুখত বহিব আৰু আনজন ব্যক্তি পিছফালে বহিব। ইয়াৰ দৈৰ্ঘ্য ২,৯১৫ মিমি,প্ৰস্থ ১,১৫৭ মিমি আৰু উচ্চতা ১,৬০০ মিমি।
এই গাড়ীখনৰ মুঠ ওজন মাত্ৰ ৫৫০ কিলোগ্ৰাম। সুবিধাবোৰৰ ভিতৰত আছে ডিজিটেল ইনফোটেইনমেণ্ট চিষ্টেম, এটা ইউএছবি চাৰ্জিং পোৰ্ট,এয়াৰ কণ্ডিচনিং,ৰিম’ট কীলেছ এণ্ট্ৰি আৰু ৰিম’ট পাৰ্ক সহায়,ক্ৰুজ নিয়ন্ত্ৰণ,এয়াৰবেগ আৰু লগতে চিট বেল্ট।
এই বৈদ্যুতিক মাইক্ৰ’ কাৰখন এবাৰ চাৰ্জত দিলেই ২০০কিলোমিটাৰ পৰ্যন্ত চলাব পাৰি।

Leave A Reply