বিহালী উন্নয়ন খণ্ড কার্যালয় চৌহদত থলুৱা খাদ্যৰ বিপনী মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  বিহালী খণ্ড উন্নয়ন বিষয়া কার্যালয় চৌহদত বুধবাৰে আত্ম সহায়ক গোটে প্রস্তুত কৰা থলুৱা খাদ্যৰ বিপনী বিহালীৰ বিধায়ক ৰণ্জিত দত্তই মুকলি কৰে !।অঞ্চলটোৰ লক্ষিমী “কাদম্বৰী”আদৰ্শ”স্বণময়”নৱ কিৰণ;আৰু ময়ুৰ এই , আত্ম সহায়ক গোটৰ দ্বাৰা প্রস্তুত কৰা পিঠা ,লাৰু,মুৰি লাৰু,মমো, চিৰা”দৈ’ ঘুগুনীকে আদি কৰি চাহ প্রস্তত কৰি বিক্রীৰ ব্যৱস্হা কৰিছে” তদুপৰি শিপিনী সকলে তাঁত খালত   গামোচা’ ‘চাদৰ মেখেলা ঘৰতে  বৈ তৈয়াৰ কৰি বিক্ৰী ব্যৱস্থা কৰিছে  !উল্লেখযোগ্য যে,কার্যালয় খনলৈ বহু দুৰ দুৰণিৰ লোক বিভিন্ন কাম কাজত  আহে কিন্তু ওচৰতে চাহ দোকান নথকাত চেন্টাৰলৈ যাব লগীয়া হৈছিল !এই আত্ম সহায়ক গোটৰ বিপনীয়ে কার্যালয়লৈ অহা লোকক চাহ খোৱাত সুবিধা হ’ল বুলিও বহু লোকে মন্তব্য কৰিছে !এই বিপনীৰ মুকলিৰ সময়ত অসম জীৱিকা অভিযানৰ  জিলা বিষয়া হবিবুৰ ৰহমান  আৰু মাধৱ ভান্দাৰী উপস্থিত থাকে ।

Related Articles