Breaking

ভাৰত–পাকিস্তানে বিনিময় কৰিলে পাৰমাণৱিক অস্ত্র–শস্ত্রৰ তালিকা

0 2,044

চুক্তি অনুসৰি ভাৰত আৰু পাকিস্তানে দুয়ো দেশৰ পাৰমাণৱিক অস্ত্র–শস্ত্র আৰু সা–সুবিধাসমূহৰ তালিকা কৌশলগত পদ্ধতিৰে বিনিময় কৰে৷ কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰা মতে, ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত দুয়ো দেশৰ মাজত হোৱা পাৰমাণৱিক অস্ত্র ব্যৱহাৰ প্রতিবন্ধকতা চুক্তি অনুসৰি এই বিনিময় প্রক্রিয়া সমাপন কৰিছে৷ ১৯৮৮ চনত এই চুক্তি হ’লেও ১৯৯১ চনৰ ২৭ জানুৱাৰীৰ পৰাহে চুক্তিখন কার্যকৰী হৈছে৷

ইপিনে, পাকিস্তানে আজি দেশখনত বন্দী হৈ থকা ৫৭৭জন ভাৰতীয় মাছমৰীয়া আৰু ৫১জন অসামৰিক লোকৰ তালিকা ভাৰতৰ হাতত অর্পণ কৰিছে৷ এই তালিকা নতুন দিল্লীয়ে লাভ কৰাৰ পিছতেই দেশখনত বন্দী হৈ থকা ভাৰতীয় মাছমৰীয়া আৰু অসামৰিক লোকক মুকলি কৰি দিবলৈ ইছলামাবাদক আহ্বান জনাইছে৷ এই সন্দর্ভত আনুষ্ঠানিক পত্রও প্রেৰণ কৰিছে নতুন দিল্লীয়ে৷

Leave A Reply