Indus water treaty: পাকিস্তানক পুনৰ সকীয়ালে অমিত শ্বাহে, পাকিস্তান নিৰ্জলা হৈ গ’লেও সিন্ধু জল চুক্তি কাৰ্যকৰী কৰা নহয়

কাৰ্যকৰী নহ’ব সিন্ধু জল চুক্তি৷ কাৰণ(Indus water treaty) চুবুৰীয়া দেশখনে সন্ধিৰ চৰ্ত উলংঘা কৰিছে৷ এইবাৰ শুকাই মৰি যাওক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সিন্ধু জল সন্ধিক লৈ পাকিস্তানক সকীয়াই দিয়ে৷ এক সাক্ষাৎকাৰত তেওঁ কয়, ‘আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহ একপক্ষীয়ভাৱে বাতিল কৰিব নোৱাৰি৷ কিন্তু স্থগিত ৰখাৰ অধিকাৰ আছে৷ সেয়াই আমি কৰিছো৷ এই চুক্তিখন দুয়োখন দেশৰ শান্তি আৰু প্ৰগতিৰ বাবে আৰম্ভ কৰা হৈছিল৷

কিন্তু পাকিস্তানে সেই চৰ্ত উলংঘা কৰিলে৷ গতিকে আন কোনো উপায় নাই৷’ পেহেলগাম আক্ৰমণক গৰিহণা দি শ্বাহে কয়, ‘এই ঘটনাত পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল৷ কাশ্মীৰ উন্নয়নৰ দিশে আগবাঢ়িছিল৷ উপত্যকাৰ শান্তি বিঘ্নিত কৰাৰ বাবে আৰু কাশ্মীৰী যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰাৰ বাবে এইটো এটা পৰিকল্পিত আক্ৰমণ আছিল৷ ভাৰতে তীব্ৰ সঁহাৰি দিয়াত পলম কৰা নাছিল৷

অৱশ্যে কাশ্মীৰৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে৷ পৰ্যটকসকল পুনৰ ঘূৰি আহিছে৷ এইটোৱেই আছিল যথেষ্ট ইতিবাচক৷’ জ্ঝ বছৰৰ আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত সিন্ধু জল সন্ধি স্বাক্ষৰ কৰে৷ চুক্তি অনুসৰি বিশ্ব আৰু চন্দ্ৰভাগৰ জলসীমাৰ ওপৰত পাকিস্তানৰ ৮০ শতাংশ অধিকাৰ আছে আৰু ভাৰতৰ ২০ শতাংশ অধিকাৰ আছে৷

কিন্তু চুক্তিৰ চৰ্ত অনুসৰি ভাৰতে সেই পানী ব্যৱহাৰ কৰিলেও পাকিস্তানে ৰোধ কৰিব নোৱাৰে৷ যদিহে ভাৰতে সেই চুক্তিৰ পৰা আঁতৰি যায়, তেন্তে পাকিস্তানৰ সমগ্ৰ পানী যোগান ব্যৱস্থাৰ পতন ঘটিব পাৰে বুলি বিশেষজ্ঞসকলে কৈছে৷

Related Articles