ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তক লৈ ৰাষ্ট্ৰসংঘত(Indus Waters Treaty)পাকিস্তানে অভিযোগ দাখিল কৰিছে৷ অভিযোগত কোৱা হৈছে যে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ফলত ২৪ কোটি পাকিস্তানীৰ বাবে অস্তিত্ব সংকটৰ সৃষ্টি হ’ব পাৰে৷ ভাৰতৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ইছলামবাদৰ প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সমাজক বিষয়টোৰ ওপৰত চকু ৰাখিবলৈ আহ৩ান জনায়৷ লগতে বৃহৎ সংকটৰ সৃষ্টি হোৱাৰ আগতেই তেওঁ ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায়৷
এই তথ্য প্ৰকাশ কৰিছে পাকিস্তানী সংবাদ মাধ্যম ড’নে৷ যোৱা ২২ এপ্ৰিলত পহলগামত পৰ্যটকৰ ওপৰত পাককৱ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল৷ ১৯৬০ চনৰ এই সন্ধি অনুসৰি সিন্ধু নদী আৰু ইয়াৰ পাঁচখন উপনৈৰ জলভাগ ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত কৰা হৈছিল৷ চুক্তিখন স্থগিত ৰখাৰ ফলত চৰ্তসমূহ উলংঘা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে পকিস্তানে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানৰ ৰাষ্ট্ৰদূত তথা উপ-স্থায়ী প্ৰতিনিধি উছমান জাদুনে এই বিষয়টোৰ প্ৰতি কতৃৰ্পক্ষৰ দৃষ্টি আকৰ্ষণ কৰে৷
সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সন্দৰ্ভত পাকিস্তানী প্ৰতিনিধিয়ে কয় যে, ভাৰতে সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত মানৱ অধিকাৰ আইন আৰু সকলো আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে৷ ভাৰতৰ এই অবৈধ ঘোষণাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো৷ ভাৰতে চুক্তিখনৰ চৰ্তসমূহ কঠোৰভাৱে মানি চলিব লাগে৷ সেই নদীবোৰৰ পানী বন্ধ কৰিব নালাগে বা সেই নদীবোৰৰ গতিপথ কোনো ধৰণে সলনি কৰিব নালাগে৷ এই নদীখন ২৪ কোটি পাকিস্তানীৰ জীৱনৰেখা৷ ‘আমি কেতিয়াও এনে পদক্ষেপ গ্ৰহণ নকৰো৷’ পাকিস্তানে ৰাষ্ট্ৰসংঘক জনাইছে যে সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ বিভিন্ন মন্তব্য ‘চিন্তনীয়’৷ তেওঁলোকে দাবী কৰে যে ভাৰতে পানীক ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰিছে৷
পাকিস্তানী প্ৰতিনিধিগৰাকীয়ে ভাষণৰ সময়ত ভাৰতীয় নেতাসকলে দিয়া কিছু বক্তব্যৰ ওপৰতো আলোকপাত কৰে৷ তেওঁ কয়, ‘এখন দেশে পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে৷’ এয়া দুৰ্ভাগ্যজনক৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় আইনৰ এনে উলংঘা চিনাক্ত কৰা উচিত, যিয়ে এটা অঞ্চলত শান্তি বিঘ্নিত কৰে আৰু মানৱীয় সংকটৰ সৃষ্টি কৰে৷’ ভাৰতৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মঞ্চ ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় সহমতৰ বাবে পাকিস্তানে আবেদন জনাইছে৷ভাৰতে সিন্ধু আৰু ইয়াৰ পাঁচখন উপনৈ বিপাশা, ইৰাৱাডী আৰু ছটলেজৰ পানী ব্যৱহাৰ কৰে৷
পাকিস্তানে সিন্ধু, বিতাস্তা আৰু চন্দ্ৰভাঙাৰ পানী ব্যৱহাৰ কৰে৷ দেশৰ ৮০ শতাংশ কৃষি এই নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল৷ পহলগাঁও আক্ৰমণৰ লগে লগে ভাৰতে সিন্ধু সন্ধি স্থগিত ৰাখিছিল৷ ‘অপাৰেচন সিন্দুৰ’ৰ পিছত দুয়োখন দেশৰ সীমান্তত সংঘৰ্ষৰ সৃষ্টি হয়৷ ১০ মে’ত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে৷ কিন্তু তাৰ পিছতো সিন্ধু সন্ধি স্থগিত হৈ থাকিল৷ পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে এই চুক্তি স্থগিত ৰখাৰ কথা উল্লেখ কৰিছে ভাৰতে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে৷ এইবাৰ পাকিস্তানে এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত অভিযোগ দাখিল কৰিছে৷