Breaking

গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা

0 26


গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটী পৌৰ নিগমৰ নুনমাটি অঞ্চলৰ৫৭নং ৱাৰ্ডতগুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰহৈ আজি উদ্যোগ মন্ত্রী বিমল বড়াই নিৰ্বাচনী প্ৰচাৰ চলায়।এক জনাকীর্ণ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মন্ত্রী বড়াই কয় যে দেশৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজয় সুনিশ্চিত। ৰাইজৰ পাৰভঙা উছাহ আৰু অভূতপূৰ্ব সঁহাৰিয়ে এই কথাৰ আগতীয়া উমান দিয়া বুলি উল্লেখ কৰি মন্ত্রী গৰাকীয়ে নৰেন্দ্ৰ মোদী তৃতীয় বাৰৰ বাবে পুনৰ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী হোৱাটো নিশ্চিত বুলি ভাষণত কয়।

জনসাধাৰণৰ অকুণ্ঠ সমৰ্থনে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ বিজয় প্ৰায় সুনিশ্চিতকৰা বুলি ব্যক্ত কৰি মন্ত্ৰী বড়াই ইয়াক কোনো শক্তিয়ে ৰোধিব নোৱাৰে বুলি কয়। এই সভাতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ ভালেসংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে।


ইয়াৰ পিছত মন্ত্ৰী বড়াই ৰাধা গোবিন্দ বৰুৱা পথৰ জোনালীত আন এখন নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।এই উপলক্ষে আয়োজিত সভাত অহা ৭মেত পদুম ফুলৰছবিত ভোট প্ৰদান কৰিবলৈ ভোটদাতা সকলক আহ্বান জনায়। সভাত মন্ত্ৰী গৰাকীৰ সৈতে ভালেসংখ্যক দলীয় কৰ্মকৰ্তাও উপস্থিত থাকে ।

Leave A Reply