নগাঁও : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকা গৰাকীয়ে এই ঘটনাক গৰিহণা দি ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰি শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে। বুধবাৰে নিশা একাংশ দুৰ্বৃত্তই জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি বিধায়িকা আঙুৰলতা ডেকাই কয় যে, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ অসমৰ সম্পদ। তেনে এগৰাকী শিল্পীৰ লগত যি ঘটনা সংঘটিত হ’ল সেয়া গৰিহণাৰ যোগ্য। জুবিন গাৰ্গ কি হয়, আমাৰ অসমীয়াৰ বাদে বেলেগ কোনেও নুবুজে। তেখেতে আমাৰ অতিকৈ আপোন। তেওঁক আমি সদায় সম্পদ হিচাপে ৰাখিব বিচাৰো। আঙুৰলতা ডেকাই লগতে কয় যে, ‘ ৰাজনীতি পথাৰত কেতিয়া কাৰ কোন শক্ৰ হয় ধৰিব নোৱাৰি। কেইদিনমান আগলৈকে যাৰ লগত থাকি জুবিন গাৰ্গে ‘কা’ আন্দোলনত ভাগ লৈছিল, তেনে বহুলোকেই জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা কৰাৰ পাছত বিৰূপ মন্তব্য কৰি আহিছে। গতিকে মই ভাবো, এই ঘটনাৰ অন্তৰালত কি আছে শীঘ্ৰে প্ৰশাসনে উলিয়াব লাগে।’ জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ পৰা অসমৰ ৰাইজে বহু আশা কৰে। সেয়েহে তেওঁক সুস্থ আৰু ভালদৰে ৰখাটো আমাৰ কৰ্তব্য বুলিও বিধায়িকা গৰাকীয়ে উল্লেখ কৰে। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ নিজ হাতীচোং গাঁও পঞ্চায়তত কালি পথ মেৰামতিৰ শুভাৰম্ভণি কৰি বিধায়িকাগৰাকীয়ে নিজ সমষ্টি এৰি অন্য সমষ্টিলৈ যোৱাৰ বিষয়ে সামাজিক মাধ্যমত হোৱা প্ৰচাৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে৷ বিধায়িকাগৰাকীয়ে কয়- “মই বিজেপি দলৰ অনুগামী, বিজেপি দলৰ ভক্ত। মোক দলে বহিবলৈ ক’লে বহি থাকিম আৰু দৌৰিবলৈ ক’লে দৌৰি থাকিম। কিন্তু য’তেই থাকিম দলৰ হৈ কাম কৰিম। মই ক’ত থাকিম বা নাথাকিম সেয়া বিবেচনা কৰিবলৈ ৰাইজে মোক নিৰ্বাচিত কৰা নাই। মই নিৰ্বাচিত হৈছো ৰাইজৰ কাম কৰিবলৈ৷ গতিকে নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰা পৰ্যন্ত মই ৰাইজৰ কাম কৰি যাম।” বিধায়িকাগৰাকীয়ে কালি নিজ হাতীচোং গাঁও পঞ্চায়তৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ মেৰামতিৰ শুভাৰম্ভ কৰাৰ লগতে পঞ্চায়তটোৰ উন্নয়নমুলক কামৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে ৷

