Breaking

নাজিৰাৰ গড়মূৰ জ্ঞানজ্যোতি একাডেমীৰ অভিনৱ পদক্ষেপ :অনুষ্ঠিত কৰিলে ধান দোৱা আৰু লেচেৰী বোতলা প্ৰতিযোগিতা

0 2,035

যুৱ প্ৰজন্মক কৃষি কাৰ্যৰ প্ৰতি আকৃষ্ট কৰাৰ মানসেৰে গড়মূৰ জ্ঞানজ্যোতি একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলে গ্ৰহণ কৰিলে এক অভিনৱ পদক্ষেপ ৷ ছাত্ৰ- ছাত্ৰীৰ মাজত ধান দোৱা প্ৰতিযোগিতা অলুষ্ঠিত কৰিলে বিদ্যালয় কৰ্তৃপক্ষই ৷ একাংশ ছাত্ৰ -ছাত্ৰী হাতত কাঁচি লৈ নামি পৰে  পথাৰত ৷

শিৱসাগৰ জিলাৰ লাকুৱা ৰাজগড় কাষতে অৱস্থিত গড়মূৰ জ্ঞানজ্যোতি একাডেমী চিনেয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ- ছাত্ৰীক উৎসাহ যোগাবৰ বাবে পৰিচালন সঞ্চালক নিতুমনি দত্তৰ বিশেষ প্ৰচেষ্টাত কোনে কিমান খৰকৈ ধান কাটিব পাৰে তাৰেই এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷

বৰ্তমান সময়ত যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি এক অনিহা প্ৰকাশ হোৱাৰ মাজতে উৎসাহ বৃদ্ধিৰ বাবে একাডেমীয়ে গ্ৰহণ কৰে এই পদক্ষেপ৷ ছাত্ৰ -ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে ধান দোৱা প্ৰতিযোগিতা ৷ জ্ঞানজ্যোতি একাডেমী স্কুলৰ এখন পথাৰত কৰা খেতিত হাতত কাঁচি লৈ ধান দোৱা দৃশ্যই সকলোকে আপ্লুত কৰে ৷ ব্যতিক্রমী পদক্ষেপ গ্ৰহণ কৰি বিদ্যালয়খনত পুঁথিগত শিক্ষাৰ উপৰিও জীৱনটোক উপভোগ কৰিবলৈও শিকোৱা হয়। তাৰেই নিদর্শন হিচাপে অনুষ্ঠিত কৰা হয় ধান দোৱা আৰু লেচেৰী বোতলা প্ৰতিযোগিতা। ছাত্র-ছাত্ৰী আৰু শিক্ষকসকলো উৎসাহেৰে নামি পৰে পথাৰত ৷ যিটো সময়ত পথাৰত নামি ধান দোৱা আৰু লেচেৰী বোতলাৰ বিষয়টো সাধুকথা হৈ পৰিছে , সেই সময়তে ছাত্র – ছাত্ৰী সকলৰ বাবে গ্ৰহণ কৰা  এনে অভিনৱ পদক্ষেপক  শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষ আৰু শিক্ষক – শিক্ষয়িত্ৰীক ৰাইজে শলাগ জনাইছে । 

Leave A Reply