Breaking

চচলৰ ধৰ্নাস্হলীত চুতীয়া স্বায়ত্ত্ব শাসিত পৰিষদৰ সহযোগত চুতীয়া যুৱ সন্মিলনৰ অভিনৱ প্ৰতিবাদ…

0 186

ছয় জনগোষ্ঠী জনজাতি কৰনৰ দাবীত দীঘলীয়া সংগ্ৰাম চলাই অহা ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰী সংগঠন চুতীয়া যুৱ সন্মিলন অসমে আজি জনগোজনগোষ্ঠীটোৰ দাবীত অকলশৰে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, আজি চচলৰ ধৰ্নাস্হলীত সংগঠনটোৰ উদ্যোগত আৰু চুতীয়া স্বায়ত্ত্বশাসিত পৰিষদ দাবী সমিতিৰ সহযোগত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জনজাতি কৰনৰ দাবীত পুনৰ ধাৰাধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে৷

‘আমাক জনজাতি লাগিবই’, ‘জনজাতিকৰন চুতীয়াসকলৰ জন্মস্বত্ব অধিকাৰ’, ‘আলোচনাৰ নামত আৰু প্ৰৱঞ্চনা সহ্য কৰা নহব’, মন্ত্ৰীগোটৰ অধ্যক্ষ মূখ্যমন্ত্ৰী ড° শৰ্মাৰ সুমতি ঘুৰি আহক, কেন্দ্ৰক শীঘ্ৰে প্ৰতিবেদন দাখিল কৰক আদি ভিন্ন শ্ল’গানেৰে খোল- তাল- নাগাৰা লৈ নাম প্ৰসংগৰ জৰিয়তে সাব্যস্ত কৰা উত্তাল প্ৰতিবাদৰ মাজেৰে সংগঠনটোৱে জনজাতি কৰনৰ প্ৰসংগত চৰকাৰৰ সদিচ্ছা আৰু স্হিতি শীঘ্ৰে স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰে৷ অন্যথা উলংগ হৈ চৰম প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে৷

প্ৰতিবাদত অংশগ্ৰহণ কৰা চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি মোহন চন্দ্ৰ শইকীয়া, কাৰ্যকৰী সভাপতি নৃপেন খনিকৰ, সম্পাদক কৌস্তুভ কিশোৰ চুতীয়াই চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কেৱল আলোচনা অনুস্হিত কৰিয়েই চৰকাৰে সমগ্ৰ বিষয়টো পৰা আতৰি থকা বুলি অভিযোগ উত্থাপন কৰে৷ সম্পাদক চুতীয়াই কয় যে ১৮৫১ৰ পৰা ১৯৭১লৈকে দেশৰ লোকপিয়লৰ টোকাত চুতীয়া সকলক অনুসূচিত জনজাতি বুলি চিহ্নিত কৰা হৈছিল৷

আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ জনজাতি কৰনৰ বাবে প্ৰয়োজনীয় সকলো বৈশিষ্ট্য আছে যদিও একমাত্ৰ ৰাজনৈতিকগত কাৰনত এই মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত বঞ্চনা কৰি অহা হৈছে বুলি তেওঁ উল্লেখ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ আগত জনজাতি কৰনৰ মৰ্যাদা প্ৰদান নকৰিলে শাসকীয় চৰকাৰে ভয়াৱহ প্ৰত্যাহ্বানৰ সম্মূখীন হব বুলি হুংকাৰ প্ৰদান কৰে৷ ইফালে ছয় জনগোষ্ঠীৰ জনজাতি কৰনৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্হা, তাই আহোম ছাত্ৰ সন্হা, চাহ জনজাতি ছাত্ৰ সন্হা, মটক যুৱ ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্হা আৰু চুতীয়া যুৱ সন্মিলন অসমৰ নেতৃত্বত গঠন হোৱা ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ বিপৰীতে আজি চুতীয়া যুৱ সন্মিলনে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷

সমান্তৰালভাৱে বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ব্যাপক আন্দোলন গঢ়ি তুলি ছয় জনগোষ্ঠীৰ ঐক্য মঞ্চৰ কেইবাজনো নেতাই শাসকীয় দলত যোগদান আৰু বিভিন্ন পদবী লাভ কৰাৰ পাছত সম্প্ৰতি পুনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জনজাতি কৰনৰ আন্দোলনে পুনৰ এক তীব্ৰ ৰূপ ধাৰন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

Leave A Reply