Breaking

ৰংগেশ্বৰী পাম গাঁৱত বিধ্বস্ত পথত ভূই ৰুই মাছ ধৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ

0 1,022

কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৰংগেশ্বৰী পাম গাঁৱত আজি ৰাইজে পথত ভূই ৰুই মাছ ধৰি সভানেত্ৰী মাফুজা আহমেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।জানিব পৰা মতে, ২০২০-২১ বৰ্ষৰ অধীনত এম, জি এনৰেগাৰ জৰিয়তে ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ  অন্তৰ্ভুক্ত জমিৰ উদ্দিনৰ ঘৰ হৈ জলজলি ভায়া ৰংগেশ্বৰী পাম চাৰিআলিলৈ যোৱা পথছোৱাৰ নিৰ্মাণৰ নামত৬,৭৩,৩,৬১টকা আৱন্টন দিয়া হয়। পথছোৱা নিৰ্মাণৰ নামত পঞ্চায়তটোৰ  সভানেত্ৰী গৰাকীয়ে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি পথ খনৰ নিৰ্মানকাৰ্য আধাতে শেষ কৰাত  গাঁৱ খনৰ সৰ্বসাধাৰণ ৰাইজে একাঠু বোকাময় পথৰে নৰক যন্ত্ৰনা ভোগ না ভোগ কৰি যাতায়াত কৰিবলগীয়া হৈছে। যাৰ পৰিপেক্ষিতত  গাঁৱ খনৰ একাংশ পুৰুষ মহিলা উলাই আহি  পথটোত ভূই ৰুই মাছ ধৰি   অভিনব প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে পঞ্চায়ত সভানেত্ৰী  মইমতালি নচলিব, এম জি এনৰেগাৰ নামত দূৰ্নীতি নচলিব, আমাৰ ৰাস্তা লাগিবই, ৰাস্তাৰ নামত দূৰ্নীতি বন্ধ কৰক আদি ধ্বনিৰে পঞ্চায়ত সভানেত্ৰী মাফুজা আহমেদৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। পঞ্চায়ত সভানেত্ৰীয়ে পথটোৰ নিৰ্মাণৰ নামত সংঘটিত কৰা দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে এক তদন্ত বিচৰাৰ লগতে পথটো মেৰামতি কৰি গাঁৱ খনৰ ৰাইজৰ যাতায়ত ক্ষেত্ৰত সুচল কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক দাবী জনাইছে।

Leave A Reply