Breaking

ধুবুৰীত সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ দলং নিৰ্মাণৰ কাম কাজ পৰিদৰ্শন

0 2,037

 ধুবুৰীৰ বাবে বহু প্ৰত্যাশিত দলং আছিল ধুবুৰী ফুলবাৰী দলং। বদৰুদ্দিন আজমলে ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচন হোৱাৰে পৰা একাধিকবাৰ ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰসংগ উপস্থাপন কৰিছিল সংসদৰ মজিয়াত। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মনমোহন সিং আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুঠ ৩৮ টাকৈ স্মাৰক পত্ৰ দি ধুবুৰী – ফুলবাৰী দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছিল। এই দাবী সাংসদ বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীত উপস্থিত হোৱা আজমলে ধুবুৰীৰ মতিৰচৰ অঞ্চলত উপস্থিত হৈ দলং নিৰ্মাণৰ যাবতীয় কামৰ বুজ লয়। লগতে আধুনিক পদ্ধতিৰে পূৰ্ণ গতিত দলং নিৰ্মাণৰ কাম চলিছে বুলি নিৰ্মাতা সকলক প্ৰশংসা কৰি একপ্ৰকাৰ আনন্দিত হৈ পৰে আজমলে। লগতে নিৰ্ধাৰিত সাত আঠ বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য্য সম্পন্ন হব বুলি দাবী কৰি নিজৰ সপোন পূৰণ হব বুলি মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে।

Leave A Reply