Breaking

আহোম স্বৰ্গদেউক অপমান! শিৱসাগৰ ৰুদ্ৰ সিংহ উদ্যানত ভয়ংকৰ ঘটনা…

0 1,282

কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ চুড়ান্ত অকমৰ্ণ্যতা আৰু অদৰ্ক্ষ্যতাৰ বাবেই ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ইটোৰ পিছত সিটো পৌৰাণীক সম্পদ জহি খহি যোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তেই এইবাৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পাৰৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যাণত সংঘটিত হল এক নাভ্ৰুত নাশ্ৰুত ঘটনা ৷একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ৰুদ্ৰসিংহ উদ্যাণত থকা স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ বৃহত আৱক্ষ্য মূৰ্তিত জোতা চেণ্ডেল পিন্ধি কেইজন মান উদণ্ড যুৱকৰ দলে দিনৰ পোহৰতেই ভাঙ, সুৰাৰ আড্ডা পতাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম স্বৰ্গদেউ হিচাবে পৰিচিত ৰুদ্ৰ সিংহৰ আৱক্ষ্য মুৰ্তিত  জোতা চেণ্ডেল পিন্ধি এনেদৰে মদ, আৰু ভাঙৰ মজলিছ অনুস্থিত কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ নিলগতেই অৱস্থিত উদ্যাণ খনত থকা আহোম স্বৰ্গদেউ গৰাকীৰ আৱক্ষ্য মুৰ্তিক এনেদৰে ঘোৰ অপমান কৰাৰ কাৰ্য্যত স্তম্ভিত শিৱসাগৰৰ সচেতন মহলো ৷যি সময়ত ৰাজ্যৰ মূখ্যমন্ত্ৰী গৰাকীয়ে অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে সেই সময়তেই আৰক্ষী চকীৰ নাতি দূৰৈত এনেদৰে সুৰা, জুৱা, ড্ৰাগছত আসক্ত উদণ্ড যুৱকৰ দলে ৰুদ্ৰ সিংহৰ প্ৰতিমুৰ্তিত জোতা চেণ্ডেল পিন্ধি উঠি হাতে হাতে ভাং, চিগাৰেট সেৱন কৰি থকাৰ ঘটনাই আৰক্ষী প্ৰশাসনৰ নিৰন্তৰ অসামাজিক কাৰ্য্যকলাপ বিৰোধী অভিযানক কাৰ্য্যত অসাৰ কৰি তুলিছে ৷

উল্লেখ্য যে, কংগ্ৰেছৰ আমোলত ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পশ্ছিম দিশত কেইবাকোটি টকা ব্যয় সাপেক্ষে এই বৃহত উদ্যাণ খন নিৰ্মাণ কৰাৰ লগতে  স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ  প্ৰকাণ্ড আৱক্ষ্য মূৰ্তি প্ৰতিস্থা কৰা হৈছিল ৷নিপূৰ্ণ খনিকৰৰ হতোৱাই নিৰ্মাণ কৰা প্ৰকাণ্ড আৱৰ্ক্ষ্য মূৰ্তি আৰু খোদিত ভাস্কৰ্য্যই  দেশী, বিদেশী পৰ্য্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে আহোম স্বৰ্গদেউ গৰাকীৰ নিৰ্ভেজাল দেশ প্ৰেম, সাহস, শৌৰ্য্য, বিৰ্য্য প্ৰকাশ কৰিছিল ৷একে সময়তেই উদ্যাণৰ লগত সংযোজন ঘটাই আটক ধূনীয়াকৈ পানীৰ ফোঁৱাৰ, বিভিন্ন ৰঙ বিৰঙৰ এখন বাগিছাও নিৰ্মাণ কৰা হৈছিল ৷কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে পৰিচাৰ্য্যাৰ অভাৱ, নিম্ন মান দণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা আৱৰ্ক্ষ্য প্ৰতিমুৰ্তিৰ বেদীৰ লগতে সমগ্ৰ প্ৰতিমূৰ্তিটোত চিৰাল ফাট মেলি এক কৰ্দয্যময় ৰুপ ধাৰণ কৰিলে ৷ আৰ, বেৰ বিহীন ভাৱে এৰাপলীয়া হাবি জংঘলেৰে আৱৰি ধৰা প্ৰতিমূৰ্তিটোৰ বেদী সম্প্ৰতি অসামাজীক কাৰ্য্যকলাপৰ এক নিৰাপদ ঘাটীলৈ ৰুপান্তৰিত হবলৈ ধৰিছে৷কোনো নিৰাপত্তাৰ ব্যৱস্থা নথকা ৰুদ্ৰ সিংহৰ আৱৰ্ক্ষ্য প্ৰতিমূৰ্তিত উঠি পুৱাৰ পৰা নিশা লৈকে উদণ্ড যুৱকৰ দলে সুৰা, ড্ৰাগছ, ভাং সেৱনৰ  মজলিচ অনুস্থিত কৰি আহিবলৈ সক্ষম হৈছে ৷ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ নান্দনিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা দেশী, বিদেশী পৰ্য্যটকে পশ্ছিম দিশত থকা উদ্যাণ আৰু ঘনশ্যাম খনিকৰৰ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গলেই এই লাজ লগা, ভয়ংকৰ দৃষ্টিকটূ দৃশ্য অনিচ্ছাকৃত ভাৱে হলেও চাৱ লগীয়া হৈছে ৷ সচেতন মহলে এই ক্ষেত্ৰত তাৎক্ষণিক ভাৱে জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰাৰ লগতে  অপমান জনক কাৰ্য্যৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কামনা কৰিছে ৷

Leave A Reply