Breaking

সনাতন ধৰ্মক অপমানঃ আদালতে সকাহ দিলে উদয়ানিধিক…

0 11

সনাতন ধৰ্মক অপমান কৰাৰ বাবে এতিয়াও বিপদ আঁতৰা নাই তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিনৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টালিনৰ পুত্ৰ উদয়ানিধিৰ বিৰুদ্ধে মাদ্ৰাজ হাইকোৰ্টে বৰ্তমানেও লোৱা নাই কোনো ব্যৱস্থা৷তদুপৰি বুধবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ডি এম কেৰ আন দুজন নেতা শেখৰ বাবু আৰু আন্দিমুথু ৰাজাক সাংবিধানিক পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবীও নাকচ কৰে। উদয়ানিধি আৰু শেখৰক তামিলনাডুৰ মন্ত্ৰীসভাৰ পৰা আৰু ৰাজাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ বাবে একাংশ লোকে কৰা আবেদন মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। হিন্দু মুন্নানী নামৰ এটা সংগঠনৰ সদস্য টি মনোহৰ আৰু তেওঁৰ দুই সহযোগীয়ে ন্যায়ালয়ে ডিএমকেৰ তিনিজন নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

চেন্নাইত অনুষ্ঠিত এক অনুষ্ঠানত ডিএমকেৰ নেতা উদয়ানিধিয়ে এই বুলি কৈছিল যে সনাতন ধৰ্মৰ মতাদৰ্শ মচি পেলাবলৈ মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আয়োজকসকলক ধন্যবাদ জনাইছোঁ। সনাতন ধৰ্মৰ মতাদৰ্শৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে মচি পেলাব লাগে বুলি কোৱাৰ বাবে অনুষ্ঠানৰ আয়োজকসকলক অভিনন্দন জনাইছোঁ।এই পৰম্পৰা সামাজিক ন্যায় আৰু সমতাৰ বিৰোধী।সেই বৈঠকত উদয়নিধিয়ে কয়, কিছুমান কথা আছে, যাৰ বিৰোধিতা যথেষ্ট নহয়, সেইবোৰ মচি পেলোৱাৰ প্ৰয়োজন আছে। ক’ৰোনা, মেলেৰিয়া, ডেংগুৰ যেনেকৈ বিৰোধিতা কৰা নহয়,সেইবোৰ নিৰ্মূল কৰাটোৰহে প্ৰয়োজন, ঠিক একেদৰে পৰম্পৰাগত আদৰ্শবোৰো নিৰ্মূল কৰাটো প্ৰয়োজন। উদয়ানিধিৰ এই মন্তব্যৰ পাছতে বিতৰ্কৰ সৃষ্টি হয়। উদয়নিধিৰ এই মন্তব্যৰ বিৰোধিতা কৰে ডিএমকেৰ মিত্ৰ দল কংগ্ৰেছৰ কেইবাজনো নেতাই। তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়েও ষ্টালিন পুত্ৰৰ মন্তব্যক সমৰ্থন নকৰে বুলি উল্লেখ কৰে।

Leave A Reply