Breaking

যোৰহাটৰ চেলেংহাটস্থিত সপ্তধ্বনী টাইকোৱানণ্ডো ক্লাৱৰ উদ্যোগত পূব লাহিং গাঁও পঞ্চায়ত প্ৰাংগণত অনুষ্ঠিত আন্তঃক্লাব ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা…

0 32

যোৰহাট জিলাৰ চেলেংহাটস্থিত সপ্তধ্বনী টাইকোৱানণ্ডো ক্লাৱৰ উদ্যোগত পূব লাহিং গাঁও পঞ্চায়ত প্ৰাংগণত আজি অনুষ্ঠিত হয় আন্তঃক্লাব ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা। উল্লেখযোগ্য যে সপ্তধ্বনী টাইকোৱাণ্ডো ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই প্ৰতিযোগিতা খনিত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে ক্ৰমে স্থানীয় সমাজকৰ্মী সত্যজিৎ ফুকন আৰু উদযাপন সমিতিৰ সভাপতি তথা পূব লাহিং গাঁও পঞ্চায়তৰ সভাপতি ঋতু বুঢ়াগোহাঁয়ে। উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে গছপুলি ৰোপণ কৰে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাধৱ গগৈ আৰু চেলেংহাট প্ৰেছ ক্লাৱৰ সভাপতি মদন মোহন পাগবন্ধাই।

সাংস্কৃতিক কৰ্মী দেৱবিকাশ দত্তই আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত যোৰহাট জিলা টাইকোৱাণ্ডো সন্থাৰ সম্পাদক গজেন বৰা, টীয়ক টাইকোৱাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ মূখ্য প্ৰশিক্ষক দিগন্ত গগৈ, সপ্তধ্বনি চাৰুকলা বিদ্যালয়ৰ অধ্যক্ষ নৃপেন গগৈ, চেলেংহাট প্ৰেছ ক্লাৱৰ সম্পাদক অনুৰাগ শইকীয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উক্ত খেলখন আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে খ্যাতিসম্পন্ন শৰীৰ চৰ্চাবিদ তুষাৰ পালে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰে।

Leave A Reply