মৰিধল মহাবিদ্যালয়ত সম্পন্ন আন্তঃমহাবিদ্যালয় এথলেটিক্স মীট

এই পৃথিৱী এক ক্ৰীড়াংগন/ ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন…..। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক শান্তিৰ প্ৰাংগন হিচাপে বিবেচিত হয় অহা মৰিধল মহাবিদ্যালয়ত ষষ্ঠ বাৰলৈ অনুষ্ঠিত হ’ল বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় এথলেটিক্স মীট।

১৮ ৰ পৰা ২০ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই ক্ৰীড়া সমাৰোহত বিশ্ববিদ্যালয়ৰ অধীনস্থ ২৭ খন মহাবিদ্যালয়ৰ প্ৰায় ২২০ জনৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনা উক্ত ক্ৰীড়া সমাৰোহখনি উদ্বোধন কৰি লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়া ক্ষেত্ৰখনৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা লভিবলৈ আহ্বান জনায়।

উদযাপন সমিতিৰ সম্পাদক ভূপেন গগৈয়ে আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দ্বিপেন শইকীয়াই ছাত্ৰ সমাজে ক্ৰীড়া সংস্কৃতিক এক শান্তি আৰু সম্প্ৰীতিৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা উচিত বুলি মন্তব্য আগবঢ়াই আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে সকলো পক্ষকে আদৰণি জনায়।

ইয়াৰ পিছতেই বিশ্ববিদ্যালয়ৰ লগতে অংশগ্ৰহণকাৰী মহাবিদ্যালয় সমূহৰ পতাকা উত্তোলন কৰা হয়। তিনিদিনীয়া প্ৰতিযোগিতাৰ কাৰ্যক্ৰমণিকাত কেইবাগৰাকীও বিশিষ্ট অতিথিৰ লগতে জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ উপস্থিত থাকে।

ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ হৈ বিপুল চুতীয়া, প্ৰাণজিৎ বৰুৱা, সুবুধ বৰা, ডুলু বৰাৰ লগতে ধেমাজি ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰায় দহ গৰাকী ক্ৰীড়াবিদৰ নেতৃত্বত প্ৰতিযোগিতাসমূহ পৰিচালিত হয়। ক্ৰীড়া প্ৰতিযোগিতাখনি সফলভাৱে সম্পন্ন কৰি তুলাৰ কাৰণে মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে কাৰ্যকৰী সভাপতি প্ৰণৱ কটকী, সম্পাদক ভূপেন গগৈয়ে মহাবিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰ-ছাত্ৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Related Articles