মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ” ধঁপাত মুক্ত শিক্ষানুষ্ঠান”ৰ ওপৰত ভিত্তি কৰি এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। লাহৰীঘাট অঞ্চলৰ ৭ খন বিদ্যালয়ৰ ছাত্র ছাত্রী সকলে মুঠ ১৬ টা গ্ৰোপত কুইজ প্ৰতিযোগিতাত অংশ গ্রহণ কৰি যৌথ ভাৱে লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনিচুকীয়া মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান আৰু তিনিচুকীয়া মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্হান লাভ কৰি জিলা আয়ুক্তৰ হাতৰপৰা ট্ৰফী আৰু মানপত্র গ্রহণ কৰে। দুপৰীয়া ১.৪৫ মিনিটত ৭৭ তম স্বাধীনতা দিবস উপলক্ষে চৰকাৰৰ নিৰ্দেশ মৰ্মে ” মেৰে মিট্টি মেৰে দেশ ” কাৰ্যসূচীত জিলা আয়ুক্ত দেবাশীষ শৰ্মাই বৃক্ষ ৰোপন কৰে আৰু শপথ বাক্য পাঠ কৰায়। মুকলি সভা আৰু বঁটা বিতৰণী সভা সঞ্চালনা কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নুৰুল হুছেইনে।

আদৰণি পৰ্বৰ আঁত ধৰে সহঃশিক্ষক পূর্ণকান্ত বসুমতাৰীয়ে।” ধঁপাত মুক্ত শিক্ষানুষ্টান “কাৰ্যসূচী ৰূপায়ন কৰে জিলা নডেল অফিচাৰ জয়া বড়োয়ে। গাম্ভীর্যপূৰ্ণ অনুষ্ঠানটিত জিলা আয়ুক্ত, নডেল অফিচাৰ, লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ লগতে বিভিন্ন শিক্ষানুষ্টানৰ প্ৰধান শিক্ষক সকলো উপস্থিত থাকি আমাৰ শিক্ষানুষ্টান বোৰ সম্পূর্ণ ৰূপে ধঁপাত মুক্ত শিক্ষানুষ্ঠান গড় দিবলৈ সকলোকে আহ্বান জনায়। আয়ুক্ত দেবাশীষ শৰ্মাই ছাত্র ছাত্রী সকলক লৈ দেশ প্ৰেমিক হিন্দি গীত গাই সকলোকে আপ্লুত কৰে। কুইজ পৰিচালনা কৰে বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক আনাৰুল ইছলাম আৰু সহঃশিক্ষক অংকুৰ জ্যোতি নাথে।


