Breaking

“সুন্দৰপুৰ কেঅ’ছ”ৰ আকৰ্ষণীয় পোষ্টাৰ মুকলি, শিল্পীৰে মত- বিনিময়…

0 19

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৃত চলচিত্ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্ত পৰিচালিত আৰু আৰ চি প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত বহু প্ৰত্যাশিত অসমীয়া ছবি “সুন্দৰপুৰ কেঅ’ছ”ৰ দুখন আকৰ্ষণীয় পোষ্টাৰ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। মহানগৰীৰ অসম চলচিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ আইদেউ ছবিগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ছবিখনৰ মোচন পোষ্টাৰখন মুকলি কৰে বিশিষ্ট ছবি নিৰ্মাতা, সমালোচক, আলোকচিত্ৰ শিল্পী উৎপল দত্তই। মনমৰমী মহন্তই আঁ‌ত ধৰা এই অনুষ্ঠানত একেদৰে বিশিষ্ট শিল্পী তথা অসম চলচিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে স্থিৰ পোষ্টাৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে । দুয়োখন পোষ্টাৰৰ ডিজাইন দীপজ্যোতি সন্দিকৈৰ আৰু ফট’গ্ৰাফী হিংমাশু শৰ্মাৰ । আৰ চি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত সুন্দৰপুৰ কেঅ’ছ ছবিখন সকলো শ্ৰেণীৰ দৰ্শকৰ মাজত অধিক জনপ্ৰিয় কৰাত দুয়োখন পোষ্টাৰে যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে উন্মোচক দুগৰাকীয়ে ।

অসমীয়া চিনেমাই বৰ্তমান চিনেমা হল ভৰ্তি কৰাৰ যিদৰে নজিৰ আছে সেইদৰে শ্ৰেষ্ঠ চলচিত্ৰ মহোৎসৱত স্থান পোৱাৰো উদাহৰণ আছে বুলি মত পোষণ কৰে সীমান্ত শেখৰে। উল্লেখযোগ্য যে স্বনামধন্য সাহিত্যিক, গীতিকাৰ মঞ্জুলা হাজৰিকা আৰু বিশিষ্ট শিল্পী মনীষা হাজৰিকাই বন্তি প্ৰজ্জ্বলন কৰা অনুস্থানটিত পোষ্টাৰ মুকলি উপলক্ষে ছবিখনক কেন্দ্ৰ কৰি ” সুন্দৰপুৰৰ আলাপ” শীৰ্ষক এক মনোগ্ৰাহী মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । মত বিনিময় অনুস্থানত পৰিচালক ঝুলন কৃষ্ণ মহন্তই কয় যে কাল্পনিক কাহিনীসমূহ প্ৰকৃততে বাস্তৱৰ সুখ- দুখৰ প্ৰতিফলন আৰু ‘সুন্দৰপুৰ কেঅ’ছ’ চলচ্চিত্ৰখন অসমীয়াৰ সুখ -দুখৰ চলচ্চিত্ৰ। অসমৰ এক জলন্ত সমস্যা ‘সত্ৰৰ মাটিৰ বেদখল’ মূল বিষয় হিচাপে লৈ কাহিনীয়ে গতি লৈছে বুলি কয় ঝুলন কৃষ্ণই। মূল চৰিত্ৰত অভিনয় কৰা দিল্লী এন.এচ. ডি ৰ স্নাতক প্ৰাৰ্থ প্ৰতিম হাজৰিকাৰ ৰূপত অসমে এজন ভাল অভিনেতা পাব বুলি ব্যক্ত কৰে পৰিচালকজনে। আনহাতে এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে এন. এচ. ডি দিল্লীৰ স্নাতক শিল্পী দত্তই। ছবিখনে স্কুলীয়া শিক্ষা ব্যৱস্থাৰ পৰা টাইকোৱাণ্ডো-কাৰাটেলৈ, সত্ৰীয়া পৰম্পৰাৰ পৰা বিদেশী সোমাই আহি খোপনি পোতা সত্ৰৰ ভূমিলৈকে সকলোকে স্পৰ্শ কৰিব বুলি মত প্ৰকাশ কৰে গীতিকাৰ, সাহিত্যিক মঞ্জুলা হাজৰিকাই। নতুন প্ৰজন্মৰ ল’ৰা ছোৱালীসকলে কি দৰে অসমৰ সংগীত আৰু ছবি জগতখন আগুৱাই লৈ গৈছে সেই বিষয়ে স্বঅভিমত ব্যক্ত কৰে বিশিষ্ট লেখিকা গৰাকীয়ে। আনহাতে ছবিখনৰ সৈতে জড়িত আটাইকেইগৰাকী শিল্পী তথা কলাকুশলীক শুভেচ্ছা-আশিস প্ৰদান কৰে শিল্পী মনীষা হাজৰিকাই । বিশিষ্ট লেখক-সমালোচক উৎপল দত্তই চলচ্চিত্ৰৰ বিষয়বস্তু আৰু উপস্থাপন সন্দৰ্ভত আলোকপাত কৰে। “সুন্দৰপুৰ কেঅ’ছ”ৰ দুয়োখন পোষ্টাৰৰ সুকীয়া সৌন্দৰ্য আছে বুলি কয়। খোল বজোৱা পোষ্টাৰ খনৰ বিশেষ প্ৰশংসা কৰে বিশিষ্ট সমালোচকজনে। এই কাৰ্যসূচীত গুৱাহাটীৰ বহুকেইখন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।সুন্দৰপুৰ কেঅ’ছৰ ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ। চিত্ৰগ্ৰহণকাৰী চন্দ্ৰ কুমাৰ দাস, সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডি আই ধনজিত দাসৰ আৰু শব্দ সংমিশ্ৰণ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শব্দযন্ত্ৰী দেৱজিত গায়নৰ । ছবিখনৰ এটি গীত লিখিছে বিশিষ্ট গীতিকাৰ তথা লেখিকা মঞ্জুলা হাজৰিকাই।


অনুষ্ঠানটিত আৰ চি প্ৰডাকচনৰ তিনি প্ৰযোজক আৰ চমুৱা, দিগন্ত ঠাকুৰীয়া আৰু সুপ্ৰতিষ্ঠিত তথা জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ উপৰি ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা NSD দিল্লীৰ স্নাতক, সু-নৃত্যশিল্পী পাৰ্থ প্ৰতিম হাজৰিকা, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, বনী দেউৰী, দেৱজিত ডেকা, ধীৰাজ কুমাৰ,সহ পৰিচালক আৰু অভিনেত্ৰী গাৰ্গী দত্ত, ৰাষ্ট্ৰীয় বঁ‌টা প্ৰাপক ছাউণ্ড ডিজাইনাৰ দেৱজিত গায়ন, সংগীত পৰিচালক সৌৰভ মহন্ত,বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক গোপাল জালান, অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিত দাস, আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, ৰাষ্ট্ৰীয় চলচিত্ৰ বঁ‌টা প্ৰাপক চলচিত্ৰ পৰিচালক হেমন্ত কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰা,মনজিৎ ৰাজকোঁৱৰ, ঐনিতম ওজা, লেখিকা নম্ৰতা দত্ত,, ড° মৈথিলী হাজৰিকা, চলচিত্ৰ সমালোচক অপৰাজিতা পূজাৰী, পৰিচালক অমৰদ্বীপ গগৈ, ভাস্কৰ জ্যোতি দাস, তনুজ নাথ, প্ৰিয়ংকা শৰ্মা প্ৰমুখ্যে ভালেকেইগৰাকী গণ্য মান্য ব্যক্তি আৰু চিনেমাখনৰ অন্যান্য কলা-কুশলীসকল উপস্থিত থাকে।

Leave A Reply