মানৱ সমাজক পংগুত্বৰ জীৱনলৈ ঠেলি দিব পৰা ড্ৰাগছ চৌদিশে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
এই ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে ধংসৰ গৰাহলৈ অগ্ৰসৰ হৈছে বহু যুৱ প্ৰজন্ম।
ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে চৰকাৰ, দল সংগঠন, স্বেচ্ছাসেৱী সংস্থাই বিভিন্ন ধৰণে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।
ড্ৰাগছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় ড্ৰাগছ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোমাফুলবাৰীতো আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। গোমাফুলবাৰী ড্ৰাগছ বিৰোধী মঞ্চৰ উদ্যোগত পালন কৰা এই দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হয়। অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া জ্যোতিষ দাসে ড্ৰাগছৰ বিভীষিকা আৰু আইন ও প্ৰশাসন বিষয়ত বক্তব্য দাঙি ধৰি তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত বিশেষকৈ হিৰোইন আৰু বি এফ টেবলেটৰ সৰবৰাহ হয় বুলি উল্লেখ কৰে।
ড্ৰাগছ সেৱন আৰু সৰবৰাহ বন্ধ নকৰিলে যুৱ প্ৰজন্মই ধংসৰ দিশে অগ্ৰসৰ হোৱাৰ লগতে সমাজখনৰ ভৱিষ্যতকো অন্ধকাৰলৈ ঠেলি দিয়া হব বুলি তেওঁ কয়।
ড্ৰাগছমুক্ত অসম গঢ়াত সকলোকে সহযোগ কৰিবলৈ অ’চি জ্যোতিষ দাসে আহ্বান জনায় ।
অনুষ্ঠানটোৰ অন্যতম আমন্ত্ৰিত অতিথি ছানোৱাৰ খন্দকাৰেও ড্ৰাগছ আৰু চিকিৎসা বিজ্ঞান বিষয়ত গুৰুত্বপূৰ্ণ ব্যাখ্যা দাঙি ধৰে। আজিৰ এই আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসত অঞ্চলৰ ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে।

