দেৰগাঁৱত “গোলাঘাট জিলা পানী আৰু অনাময় অভিযান”ৰ উদ্যোগত “আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস” উদযাপন কৰা হয় ৷ (International Menstrual Hygiene Day)
দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “স্বচ্ছ ভাৰত অভিযান”ৰ অংশস্বৰূপে “গোলাঘাট জিলা পানী আৰু অনাময় অভিযান”ৰ উদ্যোগত “আন্তৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস” উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠানত ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক ঋতুস্ৰাৱৰ সময়ত লবলগা স্বাস্থ্যবিধি সম্পৰ্কে জিলা পৰ্যায়ৰ প্ৰশিক্ষণ আৰু সজাগতা প্ৰদান কৰা হয় ৷ এই প্ৰশিক্ষণ অনুষ্ঠানত অংশগ্ৰহণ থকা সমল ব্যক্তিসকল হ’ল গোলাঘাট জনস্বাস্থ্য কাৰকৰী বিভাগৰ তথ্য , শিক্ষা আৰু যোগাযোগ শাখাৰ জিলা সমন্বয়ক দেৱজিত চক্ৰৱৰ্তী , মানৱ সম্পদ উন্নয়ন শাখাৰ জিলা সমন্বয়ক বিশ্বজিত গগৈ, কাৰিকৰী বিষয়া মুনীন শইকীয়া, দেৰগাওঁ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰামৰ্শদাতা নাফিচা আফজল, ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ বৰা আদি ৷ এনে অনুষ্ঠানে ছাত্ৰী সকল তথা মহিলা সকলক বিশেষ উপকাৰ কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷