ধূলাৰ সৰকাৰ চকত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটো ৰাজ্যবাসীয়ে আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু কান্তিৰাম কলিতা জাতীয় বিদ্যালয়ৰ সহযোগত সৰকাৰ চক স্থিত কান্তিৰাম কলিতা জাতীয় বিদ্যালয় প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃভাষা দিৱসটি পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে চাকি বন্তি জ্বলাই শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত ব্যক্তি সকলে। তাৰ পিছত বিদ্যালয়ৰ খনৰ শিক্ষয়িত্ৰী সকলে মিলি চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটি পৰিবেশন কৰি অনুষ্ঠান খন সুন্দৰ কৰি তুলে আৰু সভাৰ আয়োজন কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা দেখিবলৈ পোৱা যায়।

অনুষ্ঠান খনৰ লগত সংগতি ৰাখি শিক্ষাগ্ৰহনত মাতৃভাষাৰ প্ৰয়োজনীয়তা বিষয়ত এটি আলোচনা চক্ৰ অনুষ্ঠানৰ আয়োজন কৰে। আলোচনা চক্ৰৰ সঞ্চালক হিচাপে ডঃ বিজয় কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰে। চক্ৰত জিলাখনৰ বহু কেইগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে নিজৰ নিজৰ বক্তব্যৰ জৰিয়তে মনোভাব প্ৰকাশ কৰি মাতৃ ভাষাৰ প্ৰসাৰ সন্দৰ্ভত মনোভাব প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। এই ভাষাৰ জৰিয়তে আমি ভাব প্ৰকাশ কৰোঁ, অনুভূতি বুজোঁ আৰু নিজৰ সংস্কৃতিৰ লগত সংযোগ স্থাপন কৰোঁ। মাতৃভাষাই এজন মানুহৰ চিন্তা-চেতনা, পৰিচয় আৰু সংস্কৃতি গঢ়ি তোলে।

সেয়ে মাতৃভাষাৰ সংৰক্ষণ আৰু বিকাশ অতি গুৰুত্বপূৰ্ণ বুলি বক্তব্য প্ৰদান কৰে ডঃ বিজয় কুমাৰ শৰ্মাই। আনহাতে বিদ্যালয় খনৰ পৰিবেশ দেখি মুগ্ধ হৈ পৰে উপস্থিত ৰাইজে।

Related Articles