Breaking

ইউএছটিএমত আন্তৰ্জাতিক পদাৰ্থ বিজ্ঞান সন্মিলন সফলতাৰে সম্পন্ন…

0 28

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, মেঘালয়ত (ইউএছটিএম) আজি সম্পন্ন হয় বিশুদ্ধ আৰু প্ৰয়োগযোগ্য পদাৰ্থ বিজ্ঞানৰ ৩ দিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন (আইচিএফপিএপি-২০২৪)। এনকেচি প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত জাপানৰ কোৱানছেইগাকুইন বিশ্ববিদ্যালয়ৰ গুৱহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কুশল কলিতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পদাৰ্থ বিজ্ঞান একাডেমীৰ সাধাৰণ সম্পাদক (পি.এ.এন.ই.); আৰু ইউ.এছ.টি.এম.-ৰ স্কুল অফ এপ্লাইড চাইন্সেছৰ ডিন অধ্যাপক এনামুল কৰিম আদিয়ে অনুষ্ঠানত ভাগ লয়৷ । পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী আৰু আইচিএফপিএপি-২০২৪-ৰ অধ্যক্ষ ড. নিতু বৰগোহাঁইয়ে সামৰণি অধিৱেশনটো পৰিচালনা কৰে। সামৰণি অধিৱেশনত ভাষণ দি অধ্যাপক কাটচুনোৰী ৱাকাবায়াছিয়ে কয় যে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দ্ৰুতগতিত বিকাশ লাভ কৰিছে আৰু তেওঁ ইউএছটিএম ভ্ৰমণ কৰি অতি উৎসাহিত আৰু সুখী।


ড০ নিতু বৰগোহাঁইয়ে কয় যে সন্মিলনখনত নটা ভিন্ন ক্ষেত্ৰ সামৰি লোৱা হৈছিল, য’ত জাপান, বাংলাদেশ, ব্ৰাজিল, তুৰস্ক, স্পেইন, টাইৱান আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ গৱেষকসকলে ২৩৯ খন গৱেষণা পত্ৰ উপস্থাপন কৰিৰে৷ এই সন্দৰ্ভত পদাৰ্থ বিজ্ঞান বিভাগৰ অনুষদ ড০ ময়ুৰী দেৱীয়ে কয় যে অংশগ্ৰহণকাৰীসকলে সন্মিলনৰ সময়ত ৯২ খন পোষ্টাৰ প্ৰেজেণ্টেচন আৰু ১৩৫ টা মৌখিক উপস্থাপনো আগবঢ়াইছে।

সন্মিলনৰ বিশিষ্ট বক্তাসকলৰ ভিতৰত আছিল জাপানৰ কোৱানচেইগাকুইন বিশ্ববিদ্যালয়ৰ অধ্যাপক কাটচুনোৰী ৱাকাবায়াচী; বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক কাজী হানিয়াম মাৰিয়া; উত্তৰ-পূৰ্বাঞ্চলৰ পদাৰ্থ বিজ্ঞান একাডেমীৰ সাধাৰণ সম্পাদক অধ্যাপক কুশল কলিতা ; পি.এ.এন.ই.-ৰ কাৰ্যবাহী সভাপতি অধ্যাপক অনুৰূপ গোহাঁই বৰা আদি৷

Leave A Reply