Breaking

শিক্ষক, কবি ৰফিক উদ্দিনৰ ‘ উপবন’ নামৰ কবিতা পুথিৰ উন্মোচন

0 1,600

দেওবাৰে দিনৰ তিনি বজাত হোজাই জিলাৰ পূৱ জাৰুণী উচ্চ ইংৰাজী বিদ্যালয়ত অসম কবি চক্ৰৰ প্ৰথমখন কাৰ্যনিৰ্বাহ সভাৰ আয়োজন কৰা হয়। এই কাৰ্যনিৰ্বাহ সভাৰ লগত সংগতি ৰাখি সংগঠনটোৰ পত্ৰিকা সম্পাদক বিশিষ্ট কবি ,শিক্ষক ৰফিক উদ্দিন দেৱৰ ‘ উপবন’ নামৰ কবিতা পুথি খনৰ উন্মোচন কৰা হয়। এই খন লৈ তেওঁ তিনিখন পুথিৰ লিখি পাঠকৰ সমাজত তুলি ধৰিবলৈ সক্ষম হয়। আজিৰ আয়োজিত সভাত উপস্থিত থাকে শিক্ষাবিদ তথা অসম কবি চক্ৰৰ সম্মানিয় সভাপতি  তথা অধ্যাপক  ড: হাচিনুচ চুলতান  দেৱ, বিশিষ্ট সাংবাদিক ,অসম কবি চক্ৰৰ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ, কবি মুজাম্মিল আলী উপ-সভাপতি অসম কবি চক্ৰ, কবি তথা নীলবাগান শাখা সাহিত্য সভাৰ সম্পাদক  দিলৱাৰ হুছেইন, সাংবাদিক কফিল উদ্দিন বৰভূঞা, মুজিবুৰ ৰহমান বাৰভূঞা (কালা ভাই) বিশিষ্ট সমাজ সেৱক তথা স্বত্বাধিকাৰী জোনাকী নিউজ চেণ্টাৰ নীলবাগান, সাংবাদিক হাচিব উদ্দিন তালুকদাৰ কে আদি কৰি বহু কবি আৰু সাহিত্যক উপস্হিত থাকে | কবি ৰফিক উদ্দিনৰ ‘উপবন’ নামৰ কাব্যগ্ৰন্থ  উন্মোচনৰ পিছতে অসম কবি চক্ৰৰ উপ-সভাপতি মুজাম্মিল আলীয়ে কবি ৰফিক উদ্দিনক ‘উপবন’ ৰ কবি নামেৰে সন্মানিত কৰিবলৈ সভাত দাবী জনায় | ইপিনে সভাৰ সভাপতি ড: হাচিনুচ চুলতান আৰু সম্পাদক জমিৰ উদ্দিন তালুকদাৰে ‘উপবন’ নামৰ কাব্যগ্ৰন্থ উন্মোচনৰ পিছত কবি গৰাকীক ভূয়সী প্ৰশংসা কৰি দীঘলীয়া ভাষণ ৰাখে | উল্লেখ্য যে, কবি ৰফিক উদ্দিনে ভাষণ প্ৰসংগত কয় — কবিতা লিখাত  অধ্যাপক ডঃ হাচিনুচ চুলতানে দিয়া অনুপ্ৰেৰণাৰ বাবে আজিলৈ তেওঁ  অসমীয়া ভাষাত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰিবলৈ সক্ষম হয় | ইপিনে সভাত উপস্থিত হোৱা অতিথি সকলেওঁ ভাষণত উন্মোচন হোৱা কাব্যগ্ৰন্থৰ কবি গৰাকীক ‘উপবন’ৰ কবি বুলি কয় আৰু তেওঁ কবিতাৰ মানদণ্ড বহু উন্নত বুলি কৈ প্ৰশংসাৰে উপচি পেলায় | শেষত অধ্যাপক ডঃ হাচিনুচ চুলতান দেৱে ‘উপবন’ নামৰ কাব্যগ্ৰন্থৰ এটি কবিতা পাঠ কৰি সভা ভংগ কৰে |

Leave A Reply