আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সন্তান এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সন্তান এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ। এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়া আৰৱ সাগৰলৈ (চ’লো ছুইম) সফলতাৰে সাঁতোৰ সম্পন্ন কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলে এলভিছে।

ছ’চিয়েল মিডিয়াযোগে তেওঁ কয় যে এইটো এটা অতি কঠিন কাম আছিল, কিয়নো তেওঁ যথেষ্ট ডাঙৰ আকাৰৰ মাছৰ সৈতে সাঁতুৰিব লগা হৈছিল আৰু কিছুমান অংশত বহু জেলী মাছ সোঁতৰ বিপৰীতে গৈছিল।

খেলুৱৈগৰাকীয়ে মহাৰাষ্ট্ৰ সাঁতোৰ সংস্থা, মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই আৰক্ষী আৰু নৌসেনাৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles