Breaking

প্ৰথম খবৰৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান…

0 58

অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম খবৰে বিগত বৰ্ষৰ দৰে এইবাৰো আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অহা ০৩ মাৰ্চ, ২০২৪ দেওবাৰে মহানগৰীৰ পল্টনবজাৰস্থিত হোটেল ডায়স্কোত আয়োজন কৰিছে প্ৰাক্ আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ কাৰ্যসূচীৰ লগতে বঁটা প্ৰদান অনুষ্ঠান।

সূক্ষ্ম-বিভেদহীন সমাজ গঠনত এপাহি সুগন্ধিত ফুলৰ দৰে সুবাস বিতৰণ কৰি কু-সংস্কাৰ, বৈষম্যহীনতা দূৰ কৰি ধৈৰ্য্যৰ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মমতাময়ী হৈ শক্তি আকাৰে শান্তি প্ৰতিষ্ঠা কৰা ১১ গৰাকী মহিমামণ্ডিত সৃষ্টিশীলা নাৰীৰ লগতে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত অৱধাৰিতভাৱে সেৱা আগবঢ়োৱা ৫ গৰাকী পুৰুষক অনুষ্ঠানত বঁটা প্ৰদান কৰিব।

গীত-মাত, নৃত্যৰে উজ্জ্বীৱিত হ’বলগীয়া এই অনুষ্ঠানত অসমৰ সাহিত্য, সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰৰ বহুকেইগৰাকী বৰণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি সম্পাদক ডিম্পী ভৰালীয়ে জানিব দিয়ে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বিচৰা অসমৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী নাৰীসকলে নিজৰ কৰ্মসূচী আৰু জীৱনপঞ্জী ৯৮৬৪৬০২১০৪ অথবা ৯৮৬৪০৮৮৮২৮ নম্বৰত পঠিয়াবলৈ আহ্বান জনাইছে।

Leave A Reply